ডিজিটেল ডেস্ক: অসমক দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত এখন কৰাৰ লক্ষ্যৰে কাম কৰি অহা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আছে আকাশ চুব খোজা এটা মন। অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে কাম কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা পাঁচটা বছৰত ৰাজ্যখনৰ উন্নয়নৰ বাবে (বিশেষকৈ আন্তঃগাঁথনি) যিবোৰ কাম কৰিলে তাৰ বাবে শত্ৰুৱেও তেওঁক ধন্যবাদ দিব। পিছে আন্ত:ৰাষ্ট্রীয় গৱেষণাৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই সফলতাৰ আঁৰত আছে তেওঁৰ এটা আমোলা বিষয়াৰ বিশেষ টীম। যিটো দলে মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশ মর্মে দিনক ৰাতি কৰি ৰাতিক দিন কৰি কাম কৰি আছে।
মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ তথা কর্মপটু আমোলাৰ দলটোত আছে ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটা, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মূল ব্যক্তি আই এ এছ বিষয়া কে কে দ্বিবেদী আৰু বিত্ত বিভাগৰ দায়িত্বত থকা ২০০৩ চনৰ আই এ এছ বিষয়া জয়ন্ত নার্লিকাৰ। এই তিনিওগৰাকী আমোলাৰ সৈতে মুখ্যমন্ত্রীয়ে দৈনিক যোগাযোগ ৰক্ষা কৰি চলে। খোদ মুখ্যমন্ত্ৰীগৰাকীয়েই অলপতে মুখ্য সচিবগৰাকীৰ কাম-কাজত ৰাজহুৱাকৈ প্ৰশংসা কৰিছিল। তেওঁ কৈছিল যে অন্ধ্র প্রদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্রবাবু নাইডুৱে ড° কোটাক কেবিনেট মর্যাদা দি অন্ধ্র প্রদেশলৈ নিয়াৰ প্ৰস্তাৱ দিছিল।
মুখ্যমন্ত্রী ড° শৰ্মাই অৱশ্যে এই প্ৰস্তাৱত সন্মতি দিয়া নাই। কিয়নো ৰাজ্যৰ উন্নয়নৰ আঁৰৰ মূল ব্যক্তিজনেই হ'ল ড° কোটা।
আনহাতে, আই এ এছ বিষয়া কে কে দ্বিবেদী হৈছে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ বিষয়া। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা বিভিন্ন বিভাগৰ সৈতে সমন্বয় ৰক্ষা কৰা, বিভিন্ন নির্দেশ কাৰ্যকৰী কৰা আৰু সিদ্ধান্ত গ্রহণত মূল ভূমিকা গ্ৰহণ কৰি আহিছে দ্বিবেদীয়ে। একেদৰে বিত্ত বিভাগৰ আয়ুক্ত-সচিবৰূপে ৰাজ্যৰ সুস্থিৰ বিত্তীয় দিশটো তদাৰক কৰি আছে এ এছ বিষয়া জয়ন্ত নার্লিকাৰে। বাজেটৰ পৰা আৰম্ভ কৰি প্ৰতিটো বিভাগৰ ধন আবণ্টনলৈকে সকলো দিশ তদাৰক কৰে এইগৰাকী বিষয়াই। এই তিনিগৰাকী বিষয়াৰ উপৰি গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুৰব্বী অজয় তিৱাৰী হৈছে প্ৰশাসনৰ অন্যতম চালিকা শক্তি।
ইয়াৰ উপৰি জ্যেষ্ঠ আমোলা পি অশোক বাবু, ১৯৯৪ চনৰ আই এ এছ বিষয়া লাভলি ছুইটি ছাংচন, উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব জে বি এক্কা, শিক্ষা বিভাগৰ ওম প্রকাশ, অসম পর্যটন উন্নয়ন নিগমৰ মুৰব্বী পদ্মপাণি বৰা, অৱসৰৰ পাছতো বিশেষ মুখ্য সচিব (বন বিভাগ)ৰ দায়িত্বত থকা ৰাজ্যৰ বন বিভাগৰ অৱসৰপ্ৰাপ্ত প্রধান মুখ্য বন সংৰক্ষক এম কে যাদৱো মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ বিষয়াৰ তালিকাত আছে। এইসকল বিষয়াক লৈয়ে টীম আছাম গঢ়ি তুলি মুখ্যমন্ত্রী ড° শর্মাই নতুন অসম গঢ়াৰ সপোন বাস্তৱায়িত কৰাত মনোনিৱেশ কৰিছে।