ডিজিটেল ডেস্ক: ঋণ নল'লে নচলা হৈছে ৰাজ্য। নতুন বছৰৰ প্রথমটো পষেকতে দুই হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ পাছত এতিয়া ৰাজ্য চৰকাৰখনে পুনৰ অহা ২০ জানুৱাৰীত এহেজাৰ কোটি টকাৰ ঋণ লোৱাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে অহা ২০ জানুৱাৰীত ১০০০ কোটি টকাৰ ঋণ লোৱা ৰাজ্য চৰকাৰখনে ভাৰতীয় ৰিজার্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। ২০ বছৰৰ বাবে ষ্টক নিলামৰ জৰিয়তে এই ঋণ লোৱা হ'ব।
উল্লেখযোগ্য যে যিমানে ৰাজ্য চৰকাৰখনে হিতাধিকাৰী সৃষ্টিকাৰী আঁচনি ৰূপায়ণ কৰিছে সিমানে ঋণৰ পৰিমাণো বৃদ্ধি পাবলৈ ধৰিছে। আনহাতে, বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰখনে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে বহুকেইখন নগদ ধন বিতৰণ কৰা আঁচনি আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত লৈছে। যাৰ বাবে এতিয়া হাজাৰ হাজাৰ কোটি টকাৰ ঋণ ল'বলৈ বাধ্য হৈ পৰিছে চৰকাৰখন। সেই অনুসৰি অহা ২০ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰখনে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক আঠ হাজাৰ টকাকৈ প্ৰদান কৰিব।
তদুপৰি অহা ২৫ জানুৱাৰীত চাহ বাগিচাৰ শ্রমিকসকলকো পাঁচ হাজাৰ টকাকৈ প্ৰদান কৰিব। একেদৰে মুখ্যমন্ত্রী আত্মনিৰ্ভৰ আঁচনিখনো আৰম্ভ কৰিব ছয় ফেব্ৰুৱাৰীত। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীকে প্রদান কৰা হ'ব প্রথম পৰ্যায়ত ৭৫ হাজাৰ টকাকৈ। ইফালে প্রতিমাহে মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্রতিখন জিলাতে মহিলাসকলক দহ হাজাৰ টকাকৈ প্ৰদান কৰি থকা হৈছে। যাৰ বাবে ধনৰ জোৰা মৰাৰ বাবে ৰাজ্য চৰকাৰখনে বৃহৎ পৰিমাণৰ ঋণ ল'বলগীয়া হৈছে। প্রণিধানযোগ্য যে ভাৰতীয় ৰিজার্ভ বেংকে শেহতীয়াকৈ প্রকাশ কৰা প্ৰতিবেদন অনুসৰি অসম চৰকাৰে যোৱা বৰ্ষৰ মাৰ্চ মাহলৈকে লোৱা ঋণৰ পৰিমাণ হৈছে ১,৭৭,৯৮৩ কোটি টকা।
আজিৰ তাৰিখত অসমৰ প্ৰতিজন নাগৰিকৰ মূৰৰ ওপৰত থকা ঋণৰ বোজা প্রায় ৪২ হাজাৰ টকালৈ বৃদ্ধি পাইছে। এনে পৰিস্থিতিত ইমান বৃহৎ পৰিমাণৰ ঋণ লোৱাৰ ফলত ভৱিষ্যতে দেখা দিব পৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেগে ঋণৰ ওপৰত নিৰ্ভৰশীলতা পৰিহাৰ কৰিবলৈ ৰাজ্য চৰকাৰখনক পৰামৰ্শ দিছে। বিৰোধী দলবোৰেও এনেদৰে ঋণ লোৱাৰ বাবে ৰাজ্য চৰকাৰখনক চোকা ভাষাৰে সমালোচনা কৰি আহিছে। কিন্তু এনে পৰামৰ্শক অলপো গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰখনে। বৰঞ্চ ভোটৰ অংকত প্রতিমাহে লোৱা ঋণৰ পৰিমাণ বৃদ্ধি কৰিহে গৈছে।