মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ কাৰ্বি পাহাৰত অসন্তুষ্টি, শপতগ্রহণত নাথাকিল ৪ বিধায়ক, একমাত্র সাংসদ

dainik janambhumi June 06, 2026

ডিজিটেল ডেস্ক: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কার্যকালৰ কালি প্রথমটো মন্ত্রীসভা সম্প্ৰসাৰণত ১২ গৰাকী মন্ত্ৰীয়ে শপত গ্রহণ কৰে। অসমৰ পাহাৰ-ভৈয়ামৰ জনতাই এইবাৰ বিজেপি মিত্রজোঁটক হিয়া উজাৰি জনাদেশ দিলে। 

মিত্ৰজোঁটৰ ১০২ গৰাকী বিধায়কৰ মাজৰ পৰা এতিয়া ১৭ গৰাকী মন্ত্ৰী হ'ল। এতিয়াও দুটা মন্ত্রী পদ খালী ৰখা হৈছে। মৰাণ জনগোষ্ঠীৰ পৰা কোনো বিধায়কক মন্ত্রী পদ নিদিয়াৰ বাবে উজনি অসমত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৰাণ ছাত্ৰ সন্থা আৰু অন্যান্যসকলে তিনিচুকীয়া জিলা বন্ধ দিছে। তেনে সময়তে কাৰ্বি পাহাৰৰ পৰা ৬ গৰাকী বিধায়ক নির্বাচিত হোৱাৰ পাছতো কাকো মন্ত্রী পদ নিদিয়াত জনতাৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

তদুপৰি কালি মন্ত্ৰীসকলৰ শপত গ্রহণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ ৰংখাং সমষ্টিৰ বিধায়ক তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ অমৰ ছিং তিচ', হাওৰাঘাটৰ বিধায়ক লুনছিং টেৰণ, বোকাজানৰ বিধায়ক সূৰ্য ৰংফাৰ আৰু আমৰিৰ বিধায়ক ডাঃ হাৱে টেৰণ উপস্থিত নাথাকিল। অৱশ্যে শপত গ্রহণ অনুষ্ঠানত ডিফুৰ বিধায়ক নিছ' তেৰাংপী আৰু হাফলঙৰ বিধায়ক ৰূপালী লাংথাছা উপস্থিত থাকে। 

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মন্ত্রী হ'ব বুলি চর্চা চলি আছিল। কিন্তু, দেশৰ আইন অনুসৰি দুটা দৰমহাভোগী পদত এজন ব্যক্তি থাকিব নোৱাৰে। সেয়ে ২০২৭ চনত হ'ব লগা পৰিষদীয় নির্বাচনৰ পাছতহে তেওঁক হয়তো মন্ত্রী পতা হ'ব। কালি ৰংহাঙৰ কন্যাৰ জন্মদিন। সেয়ে তেওঁ শপত গ্রহণ অনুষ্ঠানত উপস্থিত নাই বুলি দলীয় সূত্রই প্রকাশ কৰিছে। কিন্তু আন চাৰি গৰাকী বিধায়ক কিয় অনুপস্থিত তাৰ কোনো উত্তৰ নাই। আনকি দলৰ কেইবাগৰাকী নেতা শপত গ্রহণলৈ গুৱাহাটীলৈ গৈছিল যদিও আধা বাটৰ পৰা ঘূৰি আহে। কাৰ নিৰ্দেশত ঘূৰি আহিল তাক লৈও প্রশ্ন উত্থাপন হৈছে। 

পাহাৰৰ পৰা কাকো মন্ত্রী পদ নিদিয়াৰ বাবে এইদৰে বিধায়ক আৰু দলীয় নেতাসকলে নিজৰ অসন্তুষ্টি মুখ্যমন্ত্ৰীক অৱগত কৰিছে নেকি বুলিও প্রশ্ন উঠিছে। ইয়াৰ উত্তৰ কেৱল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ তুলিৰাম ৰংহাঙৰ হাততহে আছে বুলি এতিয়া পাহাৰত চৰ্চা চলিছে।

Share This