ডিজিটেল ডেস্ক : ভাৰতৰ উদীয়মান মহিলা দবা খেলুৱৈ দিব্যা দেশমুখে ইয়াত অনুষ্ঠিত হোৱা বিশ্ব ব্লিটজ দলীয় দবা প্রতিযোগিতাত বিশ্বৰ প্ৰথম স্থানৰ মহিলা দবাৰু হাউ য়িফানক পৰাজিত কৰি চাঞ্চল্যৰ সৃষ্টি কৰে। ইয়াৰ জৰিয়তে ১৯ বছৰীয়া দিব্যা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চর্চিত হৈ পৰে। তেওঁ প্রতিযোগিতাৰ প্ৰথম লেগত য়িফানৰ হাতত পৰাজিত হৈছিল।
ইয়াৰ পাছত হোৱা দ্বিতীয় লেগত তেওঁ বগা গুটিৰে খেলি প্ৰথমৰ পৰাই চীনৰ বিশ্বৰ প্ৰথন স্থানৰ মহিলা দবাৰুগৰাকীক চাপত ৰাখে। তেওঁ ব্লিটজ দবাত সময়ৰ সঠিক ব্যৱহাৰ কৰে আৰু বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈগৰাকীৰ বিৰুদ্ধে জয়লাভ কৰে। দিব্যাই প্রতিযোগিতাত ৰেপিড দবাত ৰূপৰ আৰু ব্লিটছত ব্ৰঞ্জৰ পদককে ধৰি তিনিটা পদক জয় কৰে। ইফালে দিব্যাৰ সফলতাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁক অভিনন্দন জনাইছে।
প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত তেওঁক প্রশংসা কৰি কয়, 'লগুনত অনুষ্ঠিত হোৱা বিশ্ব টীম ব্লিটজ দবা প্রতিযোগিতাৰ দ্বিতীয় লেগৰ ছেমিফাইনেলত বিশ্বৰ প্রথম স্থানৰ হাও য়িফানক পৰাজিত কৰাৰ বাবে দিব্যা দেশমুখত অভিনন্দন জনাইছোঁ। তেওঁৰ এই সফলতাই তেওঁৰ সাহস আৰু ধৈৰ্যক প্ৰদৰ্শন কৰিলে। তেওঁৰ এই সফলতাই দেশৰ উদীয়মান দবাৰসকলক প্ৰেৰণা যোগাব। তেওঁৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছোঁ।' দিব্যাই ব্যক্তিগত শাখাত ৰেপিড দবাত ৰূপ আৰু ব্লিটজত ব্ৰঞ্জৰ পদক জয় কৰে। প্ৰতিযোগিতাত দিব্যাই হেমছাইমাণ্ডৰ হৈ আৰু চীনৰ য়িফানে ডব্লিউ আৰ চেচ টীমক প্রতিনিধিত্ব কৰিছে।