মহিলা দবাৰ বিশ্বকাপ জিনি দিব্যাৰ অভিলেখ

dainik janambhumi July 29, 2025

ডিজিটেল ডেস্ক : ভাৰতীয় দবাৰ ইতিহাসত সোমবাৰে এটা নতুন অধ্যায়ৰ সংযোজন হয়। ১৯ বছৰীয়া দিব্যা দেশমুখে ফিডে মহিলা বিশ্ব কাপৰ খিতাপ জয় কৰে। তেওঁ ভাৰতৰ আন এগৰাকী মহিলা দবাৰু কনেৰু হাম্পীক ফাইনেলত পৰাজিত কৰি এই ঐতিহাসিক জয় অর্জন কৰে। ফাইনেলত দুয়োগৰাকী ভাৰতীয় দবাৰুৱে পৰস্পৰক তীব্ৰ প্ৰত্যাহ্বান জনায়। 

দুয়োৰে মাজৰ ক্লাছিকেল গেম ড্র হয়। ফলত ৰেপিড টাইব্ৰেকাৰৰ সহায় লোৱা হয়। ৰেপিড টাইব্রেকাৰত দিব্যা জয়ী হয়। ইয়াৰ লগে লগে তেওঁ এক ইতিহাস ৰচনা কৰে। ফিডে মহিলা বিশ্ব কাপ জয় কৰা দিব্যা হ'ল প্ৰথমগৰাকী ভাৰতীয় মহিলা। 

ইফালে বিশ্ব চেম্পিয়নৰ খিতাপ লাভ কৰাৰ লগতে দিব্যাই আন এক সফলতাও লাভ কৰে। তেওঁ গ্ৰেণ্ড মাষ্টাৰৰ খিতাপো লাভ কৰে। দিব্যা হ'ল ভাৰতৰ ৮৮ সংখ্যক গ্রেণ্ড মাষ্টাৰ। প্ৰতিযোগিতাত চেম্পিয়নৰ বাবত দিব্যাই প্রায় ৪৩ লাখ আৰু ৰানাৰ্ছ আপ হাম্পীয়ে ৩০ লাখ টকাৰ প্রাইজমানি লাভ কৰে।

Share This