শীঘ্ৰেই ভাৰতলৈ আহিব জ'ক'ভিচ, কোহলীৰ বাবেই আগ্রহী হৈ উঠিছে ক্রিকেটৰ প্ৰতি

dainik janambhumi April 22, 2026

ডিজিটেল ডেস্ক : আগতে তেওঁ ক্রিকেট খেল চোৱা নাছিল। কিন্তু এতিয়া তেওঁ খেলবিধ উপভোগ কৰে। খুব ভাল পায় সেয়াও নহয়। কিন্তু বন্ধু তাৰকা ক্রিকেটাৰ হোৱাৰ বাবেই তেওঁ ক্ৰিকেটৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। এই মন্তব্য তাৰকা টেনিছ খেলুৱৈ নোভাক জ'ক'ভিচৰ। সেই বন্ধুগৰাকী আন কোনো নহয়, তেওঁ হ'ল বিৰাট কোহলী। মাদ্রিদত অনুষ্ঠিত এক অনুষ্ঠানত এই কথা ব্যক্ত কৰে ২৪টা গ্রেণ্ডশ্লাম খিতাপ জয়ী জ'ক'ভিচে। 

পুৰুষ-টেনিছৰ প্রাক্তন ১ নম্বৰৰ খেলুৱৈগৰাকীয়ে কয় যে কোহলীৰ সৈতে থকা বন্ধুত্বৰ বাবেই তেওঁ ক্রিকেট চাবলৈ আৰম্ভ কৰে। জ'ক' ভিচে কয়, 'কোহলী মোৰ বন্ধু। তেওঁক মই সন্মান কৰোঁ। তেওঁৰ পৰা মই শিকিছোঁ। তেওঁৰ বাবেই মই খেলবিধ চাবলৈ লওঁ। আগতে মই চোৱা নাছিলোঁ। এতিয়া তেওঁৰ বাবেই চাওঁ।' ভাৰতলৈ আহিলে জ'ক'ভিচে কোহলীৰ সৈতে ক্রিকেট আৰু টেনিছ দুয়োবিধ খেল খেলা দেখা পোৱা যাব। তেওঁ সেই কথাও ঘোষণা কৰে। 

ছাৰ্বিয়ান তাৰকাগৰাকীয়ে কয় 'ভাৰত ভ্ৰমণ কৰিলে তেওঁৰ সৈতে অলপ টেনিছ আৰু অলপ ক্রিকেট খেলিম। কোহলীৰ দৰে ইতিবাচক মনোভাবৰ ব্যক্তিৰ সৈতে খেলিলে এক অদ্ভুত আনন্দ পোৱা যায়।' ভাৰতলৈ কেতিয়া আহিব নির্দিষ্টকৈ তাৰিখ উল্লেখ নকৰিলেও তেওঁ শীঘ্রেই দেশখনলৈ আহিব বুলি স্পষ্টকৈ উল্লেখ কৰে।

Share This