কোন দেশত আটাইতকৈ বেছি সুৰাপান কৰা হয় জানেনে?

Jyoti Borah August 22, 2023

ডিজিটেল ডেস্কঃ অলপতে বিশ্বৰ ভিতৰত আটাইতকৈ বেছি সুৰাপান কৰা দেশৰ এখন তালিকা প্ৰকাশ কৰা হয়৷ এই তালিকাত শীৰ্ষস্থান লাভ কৰিছে ইউৰোপীয়ান দেশ বেলাৰুছে৷ বেলাৰুছত এজন ব্যক্তিয়ে এবছৰত গড়ে ১৭.৫  লিটাৰ অৰ্থাৎ ১৭৮ বটল সুৰাপান কৰে৷

                   এই তালিকাত ভাৰতে লাভ কৰিছে ১০৩ সংখ্যক স্থান৷ ভাৰতত ২০১৬ চনত গড় হিচাপত প্ৰতিজন ব্যক্তিয়ে ৫.৭ লিটাৰ সুৰাপান কৰিছিল৷ ২০২০ চনত সুৰাপানৰ বাৰ্ষিক পৰিমাণ বৃদ্ধি পাই ৫০০ কোটি লিটাৰ হয়গৈ৷ অহা বছৰ ভাৰতত ৬২১ কোটি লিটাৰ সুৰাপান কৰা হ’ব বুলি কোৱা হৈছে৷ এই তালিকাখনত স্থান পোৱা দেশবোৰৰ ভিতৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ব্ৰিটেইনে৷ ব্ৰিটেইনত প্ৰতিজন ব্যক্তিয়ে সমগ্ৰ জীৱনত ৬২,৮৯৯ পাউণ্ড অৰ্থাৎ ৬৬.২৮ লাখ টকা ব্যয় কৰে৷ দেশখনত এগৰাকী ৪১ বছৰীয়া মহিলাই পাৰ হৈ যোৱা বছৰকেইটাত সুৰাপানত ব্যয় কৰে ৫৭ হাজাৰ পাউণ্ড অৰ্থাৎ ৬০ লাখ টকা৷ এই মহিলাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁ কিশোৰী অৱস্থাৰ পৰাই সুৰাপান কৰি আহিছে৷  ইফালে সমগ্ৰ বিশ্বতে ৱাইনৰ এক প্ৰকাৰৰ সুৰা সেৱন বৃদ্ধি পাইছে৷ ভাৰতৰ নগৰীয়া অঞ্চলত ৱাইন সেৱনৰ পৰিমাণ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে৷

                     ৱল্ডৰ্ ষ্টেটিছটিক্‌ছৰ তথ্য মতে, বিশ্বৰ ভিতৰত সৰ্বাধিক পৰিমাণৰ ৱাইন উৎপাদন কৰা হয় ইটালিত৷ দেশখনত বিশ্বৰ মুঠ উৎপাদনৰ ১৯.৩০% ৱাইন উৎপাদন কৰা হয়৷ ইয়াৰ পাছতে ১৭.৬৫% উৎপাদনেৰে ফ্ৰান্স দ্বিতীয় স্থানত আৰু ১৩.৮২% উৎপাদনেৰে স্পেইন তৃতীয় স্থানত আছে৷ এই তিনিওখন দেশত বিশ্বৰ মুঠ উৎপাদনৰ ৫০% ৱাইন উৎপাদন কৰা হয়৷ চতুৰ্থ স্থানত আছে আমেৰিকা (৮.৬৭%)৷ ভাৰতত অৱশ্যে বিশ্বৰ মুঠ উৎপাদনৰ এক শতাংশও ৱাইন উৎপাদন কৰা নহয়৷ এছিয়াৰ ভিতৰত সৰ্বাধিক ৱাইন উৎপাদন কৰা হয় চীনত৷
 

Share This