ৰান্ধনীঘৰত দুর্মূল্যৰ জুই জ্বলাই ৩ মাহত দ্বিতীয়বাৰলৈ বাঢ়িল ১৪.২ কেজি চিলিণ্ডাৰৰ দাম, ঘৰুৱা ৰন্ধন গেছৰ দাম ২৯ টকা বৃদ্ধি

dainik janambhumi June 08, 2026

ডিজিটেল ডেস্ক : সৰ্বসাধাৰণৰ ওপৰত আজি মূল্য বৃদ্ধিৰ আন এক বোজা জাপি দি চৰকাৰী খণ্ডৰ তেল প্রতিষ্ঠানকেইটাই কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ ১৪.২ কিল'গ্ৰামৰ ঘৰুৱা ৰন্ধন গেছৰ (এল পিজি) চিলিণ্ডাৰৰ দাম প্ৰতিটোত ২৯ টকাকৈ বৃদ্ধি কৰে। ইয়াৰ ফলত ৰাজধানী দিল্লীত কালি ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম ৯১৩ টকাৰ পৰা ৯৪২ টকালৈ বৃদ্ধি পায়। 

যোৱা তিনি মাহৰ ভিতৰত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম দ্বিতীয়বাৰলৈ বৃদ্ধি কৰা হয়। ইয়াৰ আগতে যোৱা ৭ মাৰ্চত ১৪.২ কিল'গ্ৰামৰ প্ৰতিটো চিলিণ্ডাৰৰ দাম ৬০ টকা বৃদ্ধি কৰা হৈছিল। ফলত তিনি মাহৰ ভিতৰত চিলিণ্ডাৰৰ দাম ৮৯ টকা বৃদ্ধি পায়। চৰকাৰী খণ্ডৰ তেল বিপণন কোম্পানীকেইটাই কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত শক্তিৰ দাম বৃদ্ধি পোৱাৰ সময়তে ঘৰুৱা বজাৰত বিক্ৰী কৰোতে হোৱা লোকচানৰ কাৰণে চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা হয়। 

ইফালে পেট্রলিয়াম মন্ত্র্যালয়ে কয় যে ঘৰুৱা ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰত যোগানত হোৱা ব্যয় ১,৬০০ টকাতকৈ অধিক হৈছে। ফলত প্রতিটো চিলিণ্ডাৰত প্রায় ৭০০ টকাকৈ লোকচান হৈ আহিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ফেব্ৰুৱাৰীৰ পৰা জুনলৈ ৰন্ধন গেছৰ (এল পি জি) দাম ৪৬% বৃদ্ধি পাইছে। হৰমুজ প্রণালী বন্ধ হৈ থকাৰ ফলত যোগানত সৃষ্টি হোৱা বাধাৰ বাবে বিশ্বৰ বজাৰত এল পি জিৰ দাম যথেষ্ট বৃদ্ধি পাইছে। সেয়েহে সৰ্বসাধাৰণৰ গ্ৰাহকৰ বাবে প্ৰতিটো চিলিণ্ডাৰৰ দাম কালি পুনৰ ২৯ টকা বৃদ্ধি কৰা হয়। ইয়াৰ লগতে মন্ত্ৰ্যালয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰন্ধন গেছৰ দাম আকাশলংঘী হোৱা সত্ত্বেও ইয়াৰ সম্পূৰ্ণ বোজা নিজে বহন কৰি আছে আৰু সৰ্বসাধাৰণৰ ইয়াৰ বোজা জাপি দিবলৈ বিছৰা নাই। মন্ত্র্যালয়ে লগতে কয় যে ভাৰতত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বিশ্বৰ ভিতৰতে আটাইতকৈ কম। 

ভাৰতত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম কেৱল চুবুৰীয়া দেশৰেই নহয়, আমেৰিকা, অষ্ট্ৰেলিয়া আৰু কানাডাৰ দৰে উন্নত দেশৰ তুলনাতো যথেষ্ট কম। আনহাতে উজ্জ্বলা আচনিৰ হিতাধীকাৰীক বছৰত চাৰিটা চিলিণ্ডাৰৰ প্রতিটোত ৬৪২ টকাত যোগান ধৰি থকা বুলিও প্রকাশ কৰে মন্ত্ৰ্যালয়ে। 

উল্লেখযোগ্য যে ইৰান যুদ্ধ আৰম্ভ হোৱাৰ পাছত ৰন্ধন গেচৰ চিলিণ্ডাৰৰ উপৰি পেট্রল আৰু ডিজেলৰ দামো যথেষ্ট বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱাৰ ফলত দেশৰ তেল বিপণন কোম্পানীকেইটাই লোকচানৰ সন্মুখীন হোৱা বুলি প্ৰকাশ কৰি যোৱা মাহত পেট্রল আৰু ডিজেলৰ দাম চাৰিবাৰ বৃদ্ধি কৰা হয়। চাৰিবাৰত পেট্রল আৰু ডিজেলৰ দাম প্রতি লিটাৰত ৭.৫ টকাকৈ বৃদ্ধি কৰা হয়। তেল কোম্পানীকেইটাৰ মতে দাম বৃদ্ধিৰ পাছত এতিয়াও পেট্রল আৰু ডিজেলৰ প্ৰতিদিনে ৫০০ কোটি টকাকৈ লোকচান হৈ আছে। এনে অৱস্থাত পেট্রল আৰু ডিজেলৰ দাম পুনৰ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। 

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম হ্রাস পোৱাৰ পাছতো তেল কোম্পানীকেইটাই প্রতি লিটাৰ পেট্রলত ৫.৫ টকাকৈ আৰু প্ৰতি লিটাৰ ডিজেলত ৪.৫ টকাকৈ লোকচান হোৱা বুলি কৈ আহিছে। এনে অৱস্থাত দেশত পেট্রল আৰু ডিজেলৰ দাম অচিৰেই পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আই চি আৰ এৰ বিত্তীয় বিশ্লেষকসকলৰ মতে, তেল কোম্পানীকেইটাৰ লাভো নোহোৱা আৰু লোকচানো নোহোৱা স্থিতিলৈ অহাৰ বাবে পেট্রল আৰু ডিজেলৰ প্ৰতি লিটাৰত ন্যূনতম ৫ টকাকৈ দাম বৃদ্ধি কৰাৰ প্ৰয়োজন হ'ব। সেয়েহে অচিৰেই দাম পুনৰ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

Share This