ডিজিটেল ডেস্ক : এসময়ত ঘৰে ঘৰে বন কৰি মাহিলি প্রায় ২৫০০ টকা উপাৰ্জন কৰা এগৰাকী ঘৰুৱা সহায়ক পশ্চিম বংগত বিধায়ক হিচাপে নির্বাচিত হৈছে। ৰাজ্যখনৰ ৰাজনীতিত বিশেষ চর্চা লাভ কৰা এইগৰাকী কলিতা মাঝিয়ে বিজেপিৰ প্রার্থী হিচাপে অছগ্রাম বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হৈছে।
মাঝিয়ে তেওঁৰ নিকটতম প্রতিদ্বন্দ্বীক ১২,৫৩৫টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিকূল পৰিস্থিতিতো যে মানুহে নিজৰ অধ্যৱসায়ৰ বাবে সফলতা অৰ্জন কৰিব পাৰে, ইয়াৰ উৎকৃষ্ট উদাহৰণ হৈছে কলিতা মাঝি। বিত্তীয় অনাটনৰ বাবে আধাতে শিক্ষা সামৰা মাঝিয়ে জীৱিকাৰ বাবে ঘৰে ঘৰে কাম কৰি উপাৰ্জন কৰিছিল। এটা দশক ধৰি ৰাজনীতিত জড়িত থকা মাঝিয়ে বুথ ঔৰৰ কৰ্মীৰ পৰা ৰাজনৈতিক পৰিক্ৰমা আৰম্ভকৰিছিল।
২০২১ চনতো বিজেপিয়ে তেওঁক প্রার্থিত্ব দিছিল যদিও সেই নিৰ্বাচনত তেওঁ পৰাস্ত হৈছিল। মাঝিৰ বৰ্তমান মুঠ সম্পত্তিৰ মূল্য ১,৬১,২১৬ টকা। মাঝিৰ বিজয়ে বিজেপিয়ে যে তৃণমূল পর্যায়ৰ কর্মীকো গুৰুত্ব দিয়ে, সেই কথাটো প্রতিপন্ন হৈছে।