আমেৰিকাত পুনৰ 'মুছলমান নিষেধাজ্ঞা '

dainik janambhumi June 06, 2025

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে তেওঁৰ প্ৰথমটো কাৰ্যকালৰ নীতিসমূহৰ অন্যতম এক নীতি পুনৰ বলৱৎ কৰি ১২খন দেশৰ নাগৰিকৰ আমেৰিকাত প্ৰৱেশ নিষিদ্ধ কৰিছে।

আনহাতে আন ৭খন দেশৰ ভ্ৰমণকাৰীৰ ওপৰতো অতিৰিক্ত নিয়ন্ত্রণ বলবৎ কৰা হৈছে। এই দেশসমূহৰ গৰিষ্ঠসংখ্যকেই হৈছে মুছলমানপ্রধান দেশ। প্রবেশ নিষিদ্ধ কৰা ১২খনৰ ভিতৰত ৮ খনেই হৈছে মুছলমান দেশ। উল্লেখযোগ্য যে ট্রাম্পৰ প্ৰথমটো কার্যকালৰ 'মুছলমান নিষেধাজ্ঞা' বুলি উল্লেখ কৰা 'ভ্রমণ নিষেধাজ্ঞা'ৰ বিৰুদ্ধে আইনী প্রত্যাহ্বান আহিছিল। কিন্তু ২০১৮ চনত দেশখনৰ উচ্চতম ন্যায়ালয়ে এক সংশোধিত নিষেধাজ্ঞাক সমর্থন জনোৱাৰ পাছত উক্ত নীতি পুনৰবাৰ বলবৎ কৰিব পৰা হ'ল। এই নিষেধাজ্ঞাই সেই সময়ত ইৰান, ছোমালিয়া, য়েমেন, ছিৰিয়া আৰু লিবিয়াৰ উপৰি উত্তৰ কোৰিয়াৰ প্ৰব্ৰজনকাৰী আৰু ভেনিজুৱেলাৰ কিছু চৰকাৰী বিষয়া আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত প্ৰভাৱ পেলাইছিল। উল্লেখযোগ্য যে ট্রাম্পে ৰাষ্ট্ৰপতি নির্বাচনৰ বাবে প্ৰথম প্ৰচাৰৰ সময়ত মুছলমানৰ বিৰুদ্ধে স্পষ্টভাৱে নিষেধাজ্ঞাৰ আহ্বান জনাইছিল। ট্রাম্পে এইবাৰ আমেৰিকালৈ ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰা ১২খন দেশ হৈছে আফগানিস্তান, চাড, ইকুরেটৰিয়েল, গিনী, এৰিত্রিয়া, হাইটি, ইৰান, লিবিয়া, ম্যানমাৰ, কংগ্রো প্রজাতন্ত্র, ছোমালিয়া, ছুডান আৰু য়েমেন। আনহাতে আমেৰিকালৈ ভ্ৰমণ নিয়ন্ত্রিত কৰা ৭ খন দেশ হৈছে বুৰুণ্ডি, কিউবা, লাওছ, চিয়েৰা লিয়'ন, ট'গ', তুর্কমেনিস্তান আৰু ভেনিজুৱেলা। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰা এই জাননী ২০২৫ চনৰ ৯ জুনৰ নিশা ১২-০১ বজাৰ পৰা কাৰ্যকৰী হ'ব।

নতুনকৈ ঘোষণা কৰা এই ভ্রমণ-নিষেধাজ্ঞাৰ যোৱা দেওবাৰে আমেৰিকাৰ ক'ল'ৰাডোৰ বাউণ্ডাৰত হোৱা সন্ত্রাসবাদী আক্ৰমণৰ সৈতে সম্পৰ্ক আছে বুলি সামাজিক মাধ্যমত প্রকাশ কৰা এটা ভিডিঅ'ত ট্রাম্পে কয়। তেওঁ কয় যে ভিছাৰ সময়তকৈ অধিক দিন থকা ব্যক্তিৰ পৰা বিপদাশংকা আহিছে। উল্লেখযোগ্য যে ক'ল'ৰাডোৰ বাউণ্ডাৰত এজন লোকৰ আক্ৰমণত ১২ জন লোক আহত হৈছিল। পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দেহযুক্ত লোকজনে আৰক্ষীৰ আগত কৈছিল যে তেওঁ 'সকলো ইহুদিকে হত্যা কৰিবলৈ বিচাৰে।' হার্ভার্ডৰ নতুন বিদেশী শিক্ষার্থীৰ ভিছা নিলম্বন: হার্ভার্ড বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ ইচ্ছা কৰা বিদেশী ছাত্ৰ-ছাত্ৰীৰ ভিছা নিলম্বন কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এক নির্দেশত স্বাক্ষৰ কৰে। যদি নিৰ্দেশত দিয়া মান (ক্রাইটেৰিয়া)ৰ মতে হয়, তেন্তে বর্তমান উক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা বিদেশী ছাত্ৰ-ছাত্ৰীৰ ভিছাও 'প্রত্যাহাৰৰ বিবেচনা কৰিবলৈ' বুধবাৰে জাৰি কৰা নির্দেশত আমেৰিকাৰ বিদেশ বিভাগক নির্দেশ দিয়া হৈছে। এই নির্দেশ মতে ভিছা লৈ যিকোনো নতুন বিদেশী শিক্ষার্থীক হার্ভার্ডৰ কোনো পাঠ্যক্রম বা বিনিময় কাৰ্যসূচীত অংশ লোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

 উল্লেখযোগ্য যে ভিছাৰ নিলম্বন হার্ভাৰ্ডৰ বিৰুদ্ধে ট্রাম্প চৰকাৰৰ আক্ৰমণৰ এটা অংশহে। ট্রাম্পে বাৰে বাৰে আমেৰিকাৰ বিশ্ববিদ্যালয়বোৰে আমেৰিকা-বিৰোধী ক আন্দোলন কৰি আছে বুলি অভিযোগ কৰি আহিছে।

Share This