ডিজিটেল ডেস্কঃ বাণিজ্যৰ প্ৰস্তাৱ দি ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধ-বিৰতিৰ মধ্যস্থতা কৰা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে বাৰে বাৰে প্ৰকাশ কৰাৰ পাছত তথা দেশত বিৰোধী কংগ্ৰেছে সঘনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই বিষয়ে প্রশ্ন কৰি থকাৰ পাছত এইবাৰ এই বিষয়টো মার্কিন আদালত পাইছেগৈ। আমেৰিকাৰ চৰকাৰৰ এগৰাকী কেবিনেট সদস্যই দেশখনৰ এখন আদালতক জনাইছে যে ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ-বিৰতিৰ বাবে এক বাণিজ্য চুক্তিৰ (ডীল) প্রস্তাৱ আগবঢ়োৱা হৈছিল।
আমেৰিকাৰ বিষয়াজনে আদালতত কোৱা কথাৰ পাছতে পুনৰ সমালোচনামুখৰ হৈ পৰিছে কংগ্রেছ। সামাজিক মাধ্যমৰ এটা প'ষ্টত কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰণদীপ সূর্যেৱালাই কয় যে ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ-বিৰতিত মধ্যস্থতা কৰিছিল বুলি ট্রাম্পে ১১ বাৰ দাবী কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে এবাৰো ইয়াক খণ্ডন নকৰিলে। তেওঁ আৰু কয় যে এখন শপতনামাৰ ৰূপত এতিয়া প্রামাণিক সাক্ষ্য (ডকুমেন্টৰী এভিডেন্স) পোৱা গৈছে। এই সাক্ষ্য হৈছে ইউ এছ ক'ৰ্ট অব্ ইণ্টাৰনেশ্যনেল ট্রেডত আমেৰিকাৰ বাণিজ্য দপ্তৰৰ সচিব হাৱাৰ্ড ডব্লিউ লুটনিকে দাখিল কৰাএখন শপতনামা। সূর্যেৱালাই দাবী কৰে যে শপতনামাত থকা একাংশ হৈছে- 'ৰাষ্ট্ৰপতি ট্রাম্পে মধ্যস্থতা কৰাৰ পাছত আৰু পূৰ্ণাংগ যুদ্ধৰ পৰা ফালৰি কাটিবলৈ দুয়োখন দেশকে আমেৰিকাৰ সৈতে বাণিজ্যৰ সুবিধাৰ প্ৰস্তাৱ দিয়াৰ পাছত যুদ্ধ-বিৰতিত উপনীত হ'ব পৰা গৈছিল।...' সূর্যেবালাই এই উদ্ধৃতিক ট্রাম্পৰ দাবীৰ 'আনুষ্ঠানিক প্রুফ' বুলি অভিহিত কৰে আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতি গুৰুতৰ কিছু প্রশ্ন উত্থাপন কৰে।
তেওঁ কয়, 'মোদী ডাঙৰীয়া আৰু বিজেপি-এন ডি এ চৰকাৰে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিবই লাগিব। যি সময়ত আমাৰ সশস্ত্র বাহিনীবোৰৰ স্পষ্ট আধিপত্য আছিল আৰু পাকিস্তান ভাগি পৰিছিল, সেই সময়ত আমি কিয় আমেৰিকাক 'যুদ্ধ-বিৰতি চুক্তিৰ বাবে মধ্যস্থতা কৰিবলৈ অনুমতি দিলোঁ? আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্রস্তাৱ দিয়া আৰু মোদী ডাঙৰীয়াই গ্রহণ কৰা 'বাণিজ্য চুক্তি'খন কি?' কংগ্ৰেছৰ নেতাজনে প্রশ্ন কৰে, 'বাণিজ্য ৰাষ্ট্ৰতকৈ অধিক গুৰুত্বপূৰ্ণ নেকি? পহলগামত ২৬জন নিৰীহ লোকক হত্যা কৰা সন্ত্রাসবাদীবোৰ এতিয়া ক'ত?
পাকিস্তানে সিহঁতক আমাৰ হাতত গতাই দিবনে যাতে আমি সিহঁতক ফাঁচি দিব পাৰোঁ? এয়া যুদ্ধ-বিৰতি চুক্তিৰ অংশ আছিলনে?' তেওঁ আৰু প্রশ্ন কৰে, 'পাকিস্তানে পহলগাম সন্ত্রাসবাদী আক্ৰমণৰ 'মূল ষড়যন্ত্রকাৰী', লস্কৰ-এ- তৈয়বাৰ কমাণ্ডাৰ তথা সন্ত্রাসবাদী চৈফুল্লা কছুৰীক হস্তান্তৰ কৰিবনে, যিজনে ২৯ মে'ত লাহোৰত ভাৰত-বিৰোধী জনসমাৱেশত অংশগ্ৰহণ কৰিছিল?' সূর্যেৱালাই আৰু প্ৰশ্ন কৰে যে যুদ্ধ-বিৰতি চুক্তিৰ অংশৰূপে সকলো ভাৰত-বিৰোধী সন্ত্রাসবাদী সংগঠনক নিষিদ্ধ কৰিবলৈ পাকিস্তান সম্মত হ'লনে? এই সন্দর্ভত কংগ্রেছ নেতাজনে জৈছ-এ-মহম্মদ, লস্কৰ-এ-তৈয়বা, হিজবুল মুজাহীদিনকে ধৰি ১১টামান সন্ত্রাসবাদী সংগঠনৰ নাম উল্লেখ কৰে। কংগ্ৰেছ নেতাজনে কয় যে যিহেতু এখন চুক্তি হোৱা বুলি অনুমান কৰা হৈছে, তেন্তে পাকিস্তানে সন্ত্রাসবাদী শিবিৰবোৰ বন্ধ কৰিবনে? মাছুদ আজহাৰ, হাফিজ ছয়ীদ আৰু ডাউদ ইব্রাহিমক ভাৰতৰ হাতত গতাই দিবনে? তেওঁ আৰু কয়, 'সকলো দেশভক্ত, সকলো প্রকৃত ৰাষ্ট্ৰীয়বাদী আৰু সমগ্র দেশে এই প্রশ্নবোৰৰ উত্তৰ দাবী কৰিছে।' লুনটিকৰ শপতনামাৰ ১৮নং পেৰাগ্রাফৰ মতে পাৰমাণৱিক শক্তিৰে বলীয়ান দুখন দেশ ভাৰত আৰু পাকিস্তানৰ মাজত সম্ভাব্য পূর্ণাংগ যুদ্ধ প্রতিহত কৰিবলৈ ট্রাম্পে দুয়োখন দেশৰ মাজত শান্তিৰ বাবে মধ্যস্থতা কৰিছিল।
উক্ত পেৰাগ্ৰাফত আছে, 'উদাহৰণস্বৰূপে মাত্র ১৩ দিন আগতে যুদ্ধত জড়িত থকা পাৰমাণৱিক শক্তিৰ দেশ ভাৰত আৰু পাকিস্তানে ২০২৫ চনৰ ১০ মে'ত এক অদৃঢ় যুদ্ধ-বিৰতি চুক্তিত উপনীত হ'ল। ৰাষ্ট্ৰপতি ট্রাম্পে মধ্যস্থতা কৰাৰ পাছত আৰু পূৰ্ণাংগ যুদ্ধৰ পৰা ফালৰি কাটিবলৈ দুয়োখন দেশকে আমেৰিকাৰ সৈতে বাণিজ্যৰ সুবিধাৰ প্ৰস্তাৱ দিয়াৰ পাছতহে যুদ্ধ-বিৰতিত উপনীত হ'ব পৰা গৈছিল। এই ক্ষেত্ৰত ৰাষ্ট্ৰপতিৰ ক্ষমতাক সীমাবদ্ধ কৰা হ'লে ৰাষ্ট্ৰপতি ট্রাম্পৰ প্ৰস্তাৱৰ বৈধতাৰ প্ৰশ্ন উত্থাপন কৰিলেহেঁতেন, সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তাৰ প্ৰতি তথা লাখ লাখ লোকৰ জীৱনৰ প্ৰতি ভাবুকি আনিলেহেঁতেন।' শপতনামাৰ তথ্য নাকচ ভাৰত চৰকাৰৰঃ ইফালে আমেৰিকাৰ আদালতত ট্রাম্পৰ কেবিনেটৰ সদস্যই শপতনামাত কৰা দাবী ভাৰতে অস্বীকাৰ কৰিছে। ভাৰতৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়সৱালে কয়, '৭ মে'ত অপাৰেশ্যন সেন্দূৰ আৰম্ভ হোৱাৰ পৰা গুলীয়াগুলী আৰু সামৰিক কাৰ্যব্যৱস্থাৰ বিৰতিৰ বুজাবুজিলৈকে ভাৰত আৰু আমেৰিকাৰ নেতাসকলৰ মাজত উদ্ভৱ হোৱা সামৰিক পৰিস্থিতিৰ বিষয়ত বহু বার্তালাপ হৈছিল। সেই আলোচনাবোৰত বাণিজ্যৰ বিষয়টো উত্থাপন হোৱা নাছিল। ইতিমধ্যে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীয়ে স্পষ্ট কৰিছে যে যুদ্ধ-বিৰতিৰ কথা ভাৰত আৰু পাকিস্তান সামৰিক অভিযানৰ সঞ্চালক প্রধান (ডি জি এম অ')-ৰ মাজত হোৱা যোগাযোগৰ মাজেদি সিদ্ধান্ত গ্রহণ কৰা হৈছিল।