উজনিত অৰ্কিডৰ মুকলি বজাৰ

dainik janambhumi April 14, 2026

ডিজিটেল ডেস্ক: অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ গইনা লৈ এতিয়া এটা অসাধু চক্রই লুণ্ঠন চলাইছে পূবৰ আমাজন খ্যাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বক্ষত। বৰ্ষাৰণ্য হিচাপেও পৰিচিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অৰ্কিডৰ বাবে অত্যন্ত চহকী। 

 

উদ্যানখনত প্রায় ১০১ প্ৰজাতিৰ অৰ্কিড পোৱা যায়। বিশেষকৈ ৰাইজোষ্টাইলিছ ৰেটুছা (কপৌ ফুল), ডেনড্র'বিয়াম, বাল্বোফাইলাম আৰু এৰাইডছ আদি অর্কিড ৰাষ্ট্ৰীয় উদ্যানখনত উপলব্ধ। বৰ্ষাৰণ্যৰ গছৰ ডালত এপিফাইটিক অৱস্থাত গজা দিহিং পাটকাইৰ জৈৱ বৈচিত্র্যৰ গুৰুত্বপূৰ্ণ উপাদান অর্কিডক লৈ এতিয়া উজনি অসমত গঢ়ি উঠিছে মুকলি বজাৰ। অৱশ্যে উদ্যানখনৰ কাষৰীয়া একাংশ আর্থিকভাৱে দুৰ্বল পৰিয়ালে কচু, ঢেঁকীয়া, তৰা গাজ, বেত গাজ আদি বিহুৱে সংক্রান্তিয়ে সংগ্ৰহ কৰি বজাৰত বিক্ৰী কৰাৰ আলম লৈ একাংশ অসাধু ব্যৱসায়ীয়ে অতি মূল্যৱান অর্কিড পুলিয়ে পোখাই উভালি সৰু সৰুকৈ ভাগ কৰি তিনিশ টকাৰ পৰা সাতশ টকা দৰত বিক্ৰী কৰিছে। 

 

ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত মুকলিকৈ বিক্ৰী কৰা এই অর্কিডবোৰ বহু লোকে ক্ৰয় কৰিছে যদিও প্রকৃতিপ্রেমীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। পৰিতাপৰ বিষয় এইসকল অসাধু বেপাৰীয়ে বহুসংখ্যক অর্কিড স্থান সলনি হোৱাৰ ফলত শুকাই যোৱাত অর্থাৎ বিক্ৰীৰ বাবে উপযোগী নোহোৱাত জাবৰ পেলোৱা স্থানত পেলাই দিয়া পৰিলক্ষিত হৈছে। বন্যপ্রাণী সুৰক্ষা আইন ১৯৭২ অনুসৰি এই কার্য আইন মতে দণ্ডনীয়। সহজ ধনৰ লালসাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বক্ষ বিদাৰি বিগত কেইবাবছৰৰ পৰা অসাধু বেপাৰীয়ে লুটপাত চলোৱাৰ পাছতো বন বিভাগৰ নৰম স্থিতি কিয় তাক লৈয়ো এতিয়া প্রশ্ন উত্থাপন হৈছে। 

 

মনকৰিবলগীয়া যে অর্কিডে মৌ-মাখি, পোক-পতংগক আকর্ষণ কৰাৰ ফলত পোক-পতংগৰ জীৱনচক্ৰ বৰ্তাই ৰাখে। ইয়াৰ উপৰি অর্কিডে পৰিৱেশ পৰিৱৰ্তন, ক্ষুদ্র প্রাণীক বাসস্থান, জৈৱ বৈচিত্র্যৰ বৃদ্ধি, মাটিৰ ক্ষয় ৰোধকে ধৰি পৰিৱেশ ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে প্রকৃতিগতভাৱে লাভ কৰা এনে এবিধ গুৰুত্বপূৰ্ণ উপাদানক ভৱিষ্যতৰ বাবে ৰক্ষা কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ বন বিভাগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইটোহে ডাঙৰ প্ৰশ্ন।

Share This