হায়দৰাবাদৰ বলিঙত দিশহাৰা বৈভৱ, যশস্বী, ধ্ৰুৱ, থমকিল ৰাজস্থানৰ বিজয় ৰথ

dainik janambhumi April 14, 2026

ডিজিটেল ডেস্ক: প্রফুল হিংগে আৰু ছাকিব হুছেইনে ভগাই লোৱা ৪টাকৈ উইকেটৰ লগতে ঈশান কিষাণৰ খৰতকীয়া ৯১ ৰানৰ জৰিয়তে ছানৰাইজাৰ্ছ হায়দৰাবাদে আই পি এলৰ কালিৰ খেলত ৰাজস্থান ৰয়েলছক ৫৭ৰানত পৰাজিত কৰে। 

 

জয়ৰ বাবে ২১৭ ৰানৰ পিছ লোৱা ৰাজস্থানে প্রথম তিনি অ'ভাৰৰ ভিতৰতে ৯ ৰানত ৫টা উইকেট হেৰুৱাইছিল। মূৰকত ১৯ অ'ভাৰত ১৫৯ ৰানত অল আউট হয় ৰাজস্থান। অখ্যাত ২৪ বছৰীয়া প্ৰফুলে অভিষেক মেচত নিজৰ প্ৰথম অ'ভাৰতেই ৩টা উইকেট দখল কৰে। তেওঁৰ চিকাৰ হয় বৈভৱ সূর্যবংশী, ধ্ৰুৱ জুৰেল, লুৱান-ড্রে প্রিট'ৰিয়াছ। কেউগৰাকীয়ে কোনো ৰান নকৰাকৈ আউট হয়। আনহাতে, যশস্বী জয়ছোৱালে এক ৰান কৰি ছাকিব হুছেইনৰ বলত আউট হয়। ইয়াৰ পাছত অধিনায়ক ৰিয়ান পৰাগক ৪ ৰানত বিদায় দিয়ে প্রফুলে। 

 

ৰাজস্থানে তেনেদৰেই ৯ ৰানতে ৫টা উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হয়। ইয়াৰ মাজতে ৰবীন্দ্র জাদেজা (৪৫) আৰু ডনভান ফেৰেইৰাই ৬৯ ৰান কৰি যুঁজ দিলেও দলৰ পৰাজয় ৰোধত ব্যর্থ হয়। ৰাজস্থানে প্রতিযোগিতাখনৰ ৫খন খেলত প্ৰথমটো পৰাজয়ৰ সন্মুখীন হয়। ইয়াৰ আগেয়ে ঈশান কিষাণৰ ৯১ ৰানৰ জৰিয়তে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্রথমে বেটিং কৰি ছয় উইকেটত ২১৬ ৰান কৰে। অভিষেক শৰ্মা (০) আৰু ট্রেভিছ হেড (১৮) খৰতকীয়াকৈ আউট হোৱাৰ পাছত ঈশানে দৃঢ়তাপূর্ণ বেটিঙেৰে দলীয় স্ক'ৰ মজবুত স্থিতিলৈ তুলি নিয়ে। ঈশানে আউট হোৱাৰ আগেয়ে ৪৪টা বলত ৮টা চাৰি আৰু ৬টা ছয়েৰে নিজৰ ৯১ ৰানৰ ইনিংছটো সজায়। হেইনৰিখ ক্লাছেনে ২৬ বলত ৪০, নীতিশ কুমাৰ ৰেড্ডীয়ে ২৮ আৰু সলিল আৰোৰাই ১৩টা বলত অপৰাজিত ২৪ ৰান কৰি দলৰ স্ক'ৰ ২০০ ৰানৰ সীমা পাৰ কৰোঁতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Share This