ডিজিটেল ডেস্কঃ ৰিপাব্লিকান দলৰ কৰ্মী তথা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ অন্যতম ঘনিষ্ঠ সহযোগী চালী কিৰ্কক বুধবাৰে উটাহ মহাবিদ্যালয়ত এটা অনুষ্ঠানত দুর্বৃত্তই গুলীয়াই হত্যা কৰে। এই ঘটনাই আমেৰিকাত ৰাজনৈতিক হিংসাৰ ভাবুকিৰ আশংকা বৃদ্ধি কৰিছে। ৰক্ষণশীল যুৱ সংগঠন 'টার্নিং পইন্ট ইউ এছ এ'ৰ সহ-প্রতিষ্ঠাপক আৰু মুখ্য কার্যবাহী বিষয়া ৩১ বছৰীয়া কিৰ্কৰ মৃত্যুৰ কথা সামাজিক মাধ্যমত ঘোষণা কৰি ট্রাম্পে তেওঁক 'মহান আৰু আনকি কিংবদন্তি' আখ্যা দিয়ে।
ট্রাম্পে তেওঁৰ 'ট্রুথ ছ'চিয়েল' একাউণ্টত কয়, 'আমেৰিকাৰ যুৱক-যুৱতীৰ কথা চার্লীতকৈ কোনেও ভালদৰে জনা নাছিল।' সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ভিডিঅ'বোৰত কিৰ্কৰ অনুষ্ঠানৰ দৃশ্যবোৰ প্ৰকাশ পাইছে। ভিডিঅ'ত দেখা গৈছে 'দ্য এমেৰিকান কামবেক' আৰু 'প্র'ভ মি ৰং' শ্ল'গানেৰে সজ্জিত এটা বগা তম্বুৰ তলত হাতত মাইক্রফ'ন লৈ কথা কৈ থকাৰ দৃশ্য।
তাৰ পাছতে এটা গুলীচালনাৰ শব্দ শুনা যায় আৰু তেওঁৰ ডিঙিৰ বাওঁফালে ধাৰাসাৰে তেজ বোৱা স্থানলৈ কির্কে সোঁহাতখন নিয়া দৃশ্য দেখিবলৈ পোৱা যায়। হতভম্ব দৰ্শকৰ চিৎকাৰ তথা পলায়নৰ দৃশ্যও ভিডিঅ'ত দেখিবলৈ পোৱা যায়