ভাৰতৰ সৈতে এখন উচ্চ মানৰ বাণিজ্য চুক্তি হʼব

dainik janambhumi May 01, 2025

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি "ড'নাল্ড ট্রাম্পে ভাৰতৰ সৈতে এখন বাণিজ্য চুক্তি স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত গভীৰ আস্থা প্রকাশ কৰে। ৰাষ্ট্ৰপতি ট্রাম্পে আমেৰিকাৰ এটা বিমান বন্দৰত সাংবাদিকৰ সৈতে বাৰ্তালাপত কয় যে ভাৰতৰ সৈতে আমেৰিকাৰ এখন উচ্চ মানৰ বাণিজ্য চুক্তি হ'ব আৰু এই বাণিজ্য চুক্তিখনৰ বাবে প্রক্রিয়া ইতিবাচক দিশত আগবাঢ়িছে। ৰাষ্ট্ৰপতি ট্রাম্পৰ দ্বিতীয় শাসনকালৰ প্ৰথম ১০০ দিন পূৰ্তিৰ উপলক্ষ উদ্যাপনৰ বাবে মিছিগান প্রদেশৰ এখন জনসভাত অংশ লোৱাৰ বাবে যোৱাৰ সময়ত ৰাষ্ট্ৰপতি ট্রাম্পে এই চুক্তিখনৰ বিষয়ত মন্তব্য কৰে।

ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে ভাৰতৰ সৈতে আমেৰিকাৰ এখন বাণিজ্য চুক্তিৰ বিষয়ে তেওঁ চিন্তা কৰিছে আৰু ভাৰতেও এই বিষয়ত ইতিবাচক সঁহাৰি দিছে বুলি তেওঁ কয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে বিভিন্ন দেশৰ বিৰুদ্ধে শুল্ক যুদ্ধ আৰম্ভ কৰাৰ পাছত প্রায় সমগ্র বিশ্বতে অর্থনৈতিক অস্থিৰতা হৈছিল। ইয়াৰ পাছতে মার্কিন ট্ৰেজাৰী সচিব স্কট বেছান্তক ট্রাম্পে এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্য চুক্তিৰ বাবে দায়িত্ব দিয়ে। সম্ভৱতঃ। ভাৰতেই প্ৰথমখন এছিয়াৰ দেশ হ'ব যাৰ লগত আমেৰিকাই শুল্ক যুদ্ধৰ পাছত প্ৰথমখন বাণিজ্য চুক্তি কৰিব। ৰাষ্ট্ৰপতি ট্রাম্পৰ শেহতীয়া মন্তব্যই এই কথাৰ ইংগিত দিছে।

Share This