ড° জয়ন্ত মাধৱ দত্তৰ 'য়াকাচিক অমীদী' ভাৰতীয় ছবিৰ প্ৰতিযোগিতা শাখালৈ নির্বাচিত

dainik janambhumi December 27, 2025

ডিজিটেল ডেস্ক: ১১ সংখ্যক অজন্তা-ইলোৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱৰ ভাৰতীয় কাহিনী ছবিৰ প্রতিযোগিতা শাখালৈ অসম চলচ্চিত্র সমাজৰ সাধাৰণ সম্পাদক ড° জয়ন্ত মাধৱ দত্তৰ মিচিং ভাষাৰ ছবি 'য়াকাচিক অমীদী' (Yakasi's Daughter) নির্বাচিত হৈছে। 

মাৰাঠৱাড়া আর্ট কালচাৰ আৰু ফিল্ম ফাউণ্ডেশ্যনৰ উদ্যোগত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰ্যালয়, মহাৰাষ্ট্ৰ চৰকাৰ আৰু ৰাষ্ট্ৰীয় চলচ্চিত্র উন্নয়ন নিগমৰ (NFDC) সহযোগত অহা ২৮ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈকে ৫দিনীয়াকৈ এই মহোৎসৱ মহাৰাষ্ট্ৰৰ ছত্ৰপতি শম্ভাজী নগৰত অনুষ্ঠিত হ'ব। মহোৎসৱৰ ভাৰতীয় কাহিনী ছবিৰ প্ৰতিযোগিতা শাখালৈ মুঠ ৯খন ছবি নিৰ্বাচন কৰা হৈছে। এই ছবিসমূহ হৈছে- তামিল ভাষাৰ- 'BAD GIRL', হিমাচলী আৰু হিন্দী ভাষাৰ 'CHEWING GUM', টুলু ভাষাৰ 'IMBU', মালায়ালম ভাষাৰ 'IF ON A WINTER'S NIGHT', মাৰাঠী ভাষাৰ 'MAGA-ZINE', কান্নাড়া ভাষাৰ 'PARAJYA', হিন্দী ভাষাৰ 'SECRET OF A MOUNTAIN SERPENT', হিন্দী ভাষাৰ 'SONGS OF FORGOTTEN TRAGS' আৰু মিচিং ভাষাৰ 'য়াকাচিক অমীদী (YAKASI'S DAUGHTER)। 

উল্লেখযোগ্য যে ইয়াৰে অনুপর্ণা ৰয়ৰ 'SONGS OF FORGOTTEN TREES' নামৰ ছবিখনে ৮২সংখ্যক ডেমিচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত 'HORIZONS' শাখাত শ্রেষ্ঠ পৰিচালকৰ বঁটাৰে সন্মানিত হৈছে। ড° জয়ন্ত মাধৱ দত্তৰ 'য়াকাচিক অমীদী' নামৰ মিচিং ভাষাৰ ছবিখনে ইতিমধ্যে কেইবাটাও অতি গুৰুত্বপূৰ্ণ চলচ্চিত্র মহোৎসৱত স্বীকৃতি পাইছে। ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু ঝাৰখণ্ড চৰকাৰে আয়োজন কৰা প্ৰথম ধৰতী আবা জনজাতি চলচ্চিত্র মহোৎসৱত ছবিখনে শ্রেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে। তদুপৰি ছবিখন ষষ্ঠদশ বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসব, ২১সংখ্যক থার্ড আই এছিয়ান ফিল্ম ফেস্টিভেল, বর্ল্ড ফিল্ম ফেস্টিভেল, কলকাতা, ট্রাইবেল ফ্ৰেমছ, মণিপুৰ (TRIBAL FRAMES) আদি চলচ্চিত্র মহোৎসৱত দৰ্শকৰ বিপুল প্রশংসা লাভ কৰিছে। ব্ৰহ্মপুত্ৰৰ সৰু সৰু চাপৰিত বসবাস কৰা মিচিং ৰাইজৰ দৈনন্দিন সংগ্রাম, বাল্যবিবাহ আৰু লালিগুৰৰ পৰা তৈয়াৰ কৰা সুৰাৰ প্ৰভাৱত হোৱা সমূহীয়া স্খলনৰ এক কাহিনী ছবিখনত বর্ণিত হৈছে। অসম চলচ্চিত্র সমাজৰ সভাপতি তথা বিশিষ্ট ব্যৱসায়ী ৰাজেশ্বৰ শইকীয়াই ছবিখন প্ৰয়োজন কৰিছে। 

আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত ছাউণ্ড ডিজাইনাৰ অমৃত প্রীতম আৰু দেৱজিৎ চাংমায়ে ছবিখনৰ সহ প্রযোজনা কৰাৰ লগতে ছবিখনৰ ছাউণ্ড ডিজাইন আৰু মিক্সিঙৰ কাম কৰিছে। দৃশ্য গ্ৰহণৰ কাম কৰিছে সৌৰভ শইকীয়া আৰু শশাংক শইকীয়াই। সম্পাদনাৰ কাম কৰিছে বিকাশ বৰুৱাই আৰু চিত্ৰনাট্য লিখিছে পূৰৱী পঞ্চমীয়ে। ছবিখনৰ সংগীতৰ কাম কৰিছে অমৃত প্রীতম আৰু ভগৱত প্রীতমে। ছবিখনৰ সহ-পৰিচালনাত আছে হিৰণ্য কুমাৰ পেগু, সৌৰভ শইকীয়া আৰু যতীন্দ্ৰ শইকীয়া। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে - অঞ্জলি টাইদ, পাপুজ্যোতি পেগু, জুনুমাই পেগু, বানেশ্বৰ পেগু আৰু সদাগৰ দাৱে।

Share This