ডিজিটেল ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিত যোৱা ৯ জুলাইৰ পৰা ১১ জুলাইলৈকে অনুষ্ঠিত হোৱা বিশ্ব বেংকৰ অৰ্থনৈতিক বৈষম্য অধ্যয়নৰ বাবে এঘাৰ সংখ্যক সম্মিলিত গৱেষণা-পত্র উপস্থাপন কৰে যোৰহাট মালৌআলিৰ জনপীঠৰ নিৱাসী তথা পুনেৰ ফ্লেম বিশ্ববিদ্যালয়ৰ অর্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড° ঋতুপর্ণ কৌশিকে। বর্তমান আমেৰিকাতে থকা ড° কৌশিকে যোৱা ৯ জুলাইত ৱাশ্বিংটন ডিচিত থকা বিশ্ব বেংকত অনুষ্ঠিত সন্মিলনত নিজৰ গৱেষণা- পত্র দৃশ্য-শ্রাব্য মাধ্যমেৰে উপস্থাপন কৰি প্রশংসিত হৈছে।
উল্লেখযোগ্য যে বিশ্ব বেংকৰ এই কনফাৰেঞ্চখনত বিশ্বৰ ১৫০ খন গৱেষণ-পত্ৰ নির্বাচিত হৈছিল। এই গৱেষণা-পত্ৰসমূহৰ ভিতৰত মাত্র ১০জনকহে বিশ্ব বেংকে পৃষ্ঠপোষকতা কৰিছে। এই দহগৰাকীৰ ভিতৰত যোৰহাটৰ ড° কৌশিকক বিশ্ব বেংকৰ সম্পূৰ্ণ খৰচত গৱেষণা-পত্ৰ উপস্থাপন কৰিবলৈ আমন্ত্রণ জনায়। ড° কৌশিকে ভাৰতৰ অৰ্থনৈতিক বৈষম্যক প্রাকৃতিক দুর্যোগে কেনেকৈ প্ৰভাৱিত কৰে, সেই বিষয়ে সন্মিলনখনত গৱেষণা-পত্র উপস্থাপন কৰে।
২০২৪চনৰ নোবেল বঁটা বিজয়ী ভাৰন আচেম' গ্লুৱে উদ্বোধন কৰা এই সম্মিলনখনত বিশ্বৰ অৰ্থনৈতিক বৈষম্য সম্পর্কত আলোচনা কৰা হয়। উল্লেখযোগ্য যে ড° ঋতুর্পণ কৌশিক গোলাঘাটৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত প্রয়াত হিমেন চন্দ্ৰ ভট্টাচাৰ্য আৰু দীপালি ভট্টাচাৰ্যৰ পুত্ৰ।