অসম ব্রাহ্মণ সমাজৰ কেন্দ্ৰীয় নেতৃত্বৰ বৈঠক, ড° হিমন্ত বিশ্ব শর্মালৈ 'ভাৰত ভূষণ চাণক্য বঁটা'

dainik janambhumi May 19, 2026

ডিজিটেল ডেস্ক: অসমৰ বিচক্ষণ ৰাজনীতিজ্ঞ তথা কর্মদক্ষ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক অসম ব্রাহ্মণ সমাজে 'ভাৰত ভূষণ চাণক্য বঁটা' প্রদান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। কালি কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ড° নীতিশ শৰ্মা শাস্ত্ৰী ভৱনৰ সভাকক্ষত অনুষ্ঠিত অসম ব্রাহ্মণ সমাজৰ কেন্দ্ৰীয় নেতৃত্বৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। 

অসম ব্রাহ্মণ সমাজৰ কেন্দ্ৰীয় নেতৃত্বৰ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত বৈঠকত পৌৰোহিত্য কৰে অসম ব্ৰাহ্মণ সমাজৰ সভাপতি অমূল্য শৰ্মাই। ব্রাহ্মণ সমাজৰ সম্পাদক প্রধান তুতুল বৰঠাকুৰে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাত অসম চৰকাৰৰ নৱ-নির্বাচিত দ্বিতীয়বাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে নৱগঠিত মন্ত্রীসভাৰ সকলো মন্ত্রীক অভিনন্দন জ্ঞাপন কৰা হয়। অসম ব্রাহ্মণ সমাজৰ সৰ্বাংগীণ উন্নয়নৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাক ব্রাহ্মণ উন্নয়ন পৰিষদখন সোনকালে গঠন কৰাৰ বাবে সভাত গৃহীত এক প্রস্তাৱৰ জৰিয়তে অনুৰোধ জনোৱা হয়। সভাত অসম ব্রাহ্মণ সমাজৰ মধ্যকালীন অধিৱেশনখন চিৰাং জিলাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 

অসম ব্রাহ্মণ সমাজৰ কাৰ্যকৰী সভাপতি ড° নীতিশ শর্মা শাস্ত্রীয়ে মংগলাচৰণেৰে শুভাৰম্ভ কৰা সভাত অসম ব্রাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি সুনীল কুমাৰ গোস্বামী, বৰ্তমানৰ উপ-সভাপতি ক্রমে ভাৰত চন্দ্ৰ শৰ্মা, জনার্দন দেৱগোস্বামী (সত্ৰাধিকাৰ মাজুলী), বিজয় চক্ৰৱৰ্তী, সহকাৰী সম্পাদক নৱজ্যোতি মিশ্র, ড° দ্বিজেন শর্মা, মুনমুন শর্মা, শৈলেন্দ্ৰ বৰকটকী, কার্যালয় সম্পাদক প্রভাত গোস্বামী, কোষাধ্যক্ষ লক্ষীকান্ত শর্মা, মণ্ডল সম্পাদক ক্রমে শিশিৰ ভাগৱতী, ধৰ্মেশ্বৰ শৰ্মা, বিনোদ চক্ৰৱৰ্তী, প্ৰচাৰ সম্পাদক বাবুমণি শৰ্মাৰ লগতে মহিলা ব্রাহ্মণ সমাজৰ সম্পাদক ৰঞ্জুমণি দেৱী, কামৰূপ জিলা মহিলা সম্পাদক মাধৱী দেৱী, যুৱ ব্রাহ্মণ সমাজৰ সম্পাদক উদ্দীপ্ত কাশ্যপৰ উপৰি অন্যান্য বিষয়ববীয়া আৰু সদস্যই অংশগ্ৰহণ কৰে।

Share This