ডিজিটেল ডেস্ক: অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই জাগীৰোড মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° প্রাঞ্জল শর্মাই মৌলিক পদার্থ বিজ্ঞানৰ সন্মানীয় 'ব্রেকথ্রু' প্রাইজ-২০২৫' লাভ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে বিজ্ঞান জগতৰ 'অস্কাৰ' হিচাপে প্রসিদ্ধ এই ব্রেকথ্রু' প্রাইজ বিশ্বৰ অন্যতম সর্বোচ্চ বৈজ্ঞানিক স্বীকৃতি। বিশ্বজুৰি মৌলিক গৱেষণাত অসামান্য অৱদান আগবঢ়োৱা বিজ্ঞানীসকলক এই বঁটা প্ৰদান কৰা হয়। ছুইজাৰলেণ্ডৰ জেনেভাৰ বিশ্ববিখ্যাত 'CERN'ত সম্পন্ন হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাগাৰ ALICEত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ড° শৰ্মাক এই বিশ্ব মানৰ স্বীকৃতি প্রদান কৰা হৈছে।
উল্লেখযোগ্য যে CERN ATLAS, CMS, ALICE আৰু LBCB পৰীক্ষাগাৰত অন্তর্ভুক্ত বিজ্ঞানীসকলক মৌলিক পদার্থ বিজ্ঞানৰ ব্রেকথ্রু' পুৰস্কাৰ-২০২৫ প্ৰদান কৰা হৈছে। বিশ্বৰ প্ৰায় তেৰ হাজাৰ গৱেষক বিজ্ঞানীৰ অংশীদাৰিত্ব থকা এই পুৰস্কাৰত মাননি হিচাপে আগবঢ়োৱা হৈছে ত্রিশ (৩০) লাখ মার্কিন ডলাৰ। ড° শৰ্মা, অসমৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বুদ্ধদেৱ ভট্টাচাৰ্যৰ নেতৃত্বত গৱেষণা কৰা ALICE-GU বিজ্ঞানী দলটোৰ এজন অন্যতম সদস্য। ড° শর্মা জড়িত হৈ থকা ALICE পৰীক্ষাগাৰে মূলতঃ অতি কম দূৰত্ব আৰু চৰম পৰিস্থিতিত থকা পদাৰ্থৰ অৱস্থাৰ সন্দৰ্ভত গৱেষণা চলাইছিল।
উল্লেখযোগ্য যে বর্তমান সময়ৰ কণিকা পদার্থ বিজ্ঞানৰ মূল তত্ত্ব হ'ল ষ্টেণ্ডার্ড মডেল, যাৰ জৰিয়তে বিশ্বব্ৰহ্মাণ্ডৰ মৌলিক কণিকা আৰু শক্তিৰ পাৰস্পৰিক সম্পৰ্ক বৰ্ণনা কৰা হয়। ষ্টেণ্ডার্ড মডেলত অন্তর্ভুক্ত QCD তত্ত্ব অনুসৰি সাধাৰণ অৱস্থাত অতি কম দূৰত্বৰ আৰু চৰম পৰিস্থিতিত থকা অৱস্থা এটা পোৱা সম্ভৱ নহয়। কিয়নো, তেনে অৱস্থাৰ মূল উপাদান কোৱাৰ্ক আৰু গ্লুৱনবোৰ সাধাৰণতে HADRONৰ ভিতৰত আবদ্ধ হৈ থাকে। তেনে ধৰণৰ নতুন অৱস্থা এটা প্রায় ১৩.৭ বিলিয়ন বছৰৰ আগতে হোৱা বিগ-বেং (BIG-BANG)ৰ অলপ মাইক্র'-ছেকেণ্ড পাছত বিৰাজমান আছিল বুলি বিশ্বাস কৰা হয়। পৰীক্ষাগাৰত তেনে ধৰণৰ চৰম অৱস্থা এটা পাবলৈ হ'লে পোহৰৰ বেগত গতি কৰা দুটা বিপৰীত দিশৰ নিউক্লিয়াছৰ মাজত সংঘৰ্ষ কৰাই সৃষ্টি কৰিব পাৰি। CERNত থকা ALICE পৰীক্ষাগাৰত তেনে ধৰণৰ বিশেষ ব্যৱস্থা কৰি চৰম পৰিস্থিতিত থকা পদাৰ্থৰ অৱস্থাৰ ওপৰত গবেষণা চলি আহিছে। ড° শর্মাই এনে বিশ্বমানৰ গৱেষণা সন্মান লাভ কৰা ঘটনাই ৰাজ্যখনৰ শিক্ষাৰ ক্ষেত্ৰত এক নতুন প্ৰেৰণা সৃষ্টিৰ সম্ভাৱনা প্রকট কৰি তুলিছে। জাগীৰোড মহাবিদ্যালয়ৰ সৈতে জড়িত হৈ তেওঁ বিশ্বৰ অন্যতম বৃহৎ গৱেষণা প্ৰকল্পত সক্রিয় ভূমিকা গ্রহণ কৰাটো বিশেষ উল্লেখযোগ্য।
ড° শৰ্মাৰ এই অভূতপূর্ব সাফল্য সন্দর্ভত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ভবেন চন্দ্র নেওগে কয় যে এই বিশেষ সন্মান কেৱল জাগীৰোড মহাবিদ্যালয় বা অসমৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে এক গৌৰৱৰ বিষয় আৰু তেওঁৰ এই সফলতাই আগন্তুক প্ৰজন্মৰ শিক্ষাৰ্থীক বিজ্ঞান গৱেষণাৰ দিশে আগবাঢ়িবলৈ অনুপ্রাণিত কৰিব বুলি ড° নেওগে আশা প্রকাশ কৰে।