ৰাম মন্দিৰ আন্দোলনত জড়িত ড° ৰামবিলাস বেদান্তীৰ মৃত্যু, বাবৰি মছজিদ ধ্বংস গোচৰত আছিল অভিযুক্ত

dainik janambhumi December 16, 2025

ডিজিটেল ডেস্ক : ৰাম মন্দিৰ আন্দোলনৰ সৈতে জড়িত সন্ত তথা প্রাক্তন সাংসদ ড° ৰামবিলাস দাস বেদান্তীৰ সোমবাৰে মৃত্যু হয়। মধ্য প্ৰদেশৰ ৰীৱাত দুপৰীয়া ১২-২০ বজাত বেদান্তীয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ বয়স হৈছিল ৬৭ বছৰ। ৰীৱাত বেদান্তীৰ 'ৰামক থা' অনুষ্ঠান চলি থকাৰ সময়তে তেওঁৰ স্বাস্থ্য বেয়া হৈ পৰে। 

ৰীৱাৰ এখন চিকিৎসালয়ত দুদিন তেওঁৰ চিকিৎসা চলাৰ পাছত সোমবাৰে পুৱা স্বাস্থ্যৰ অৱস্থা অধিক অৱনমিত হয়। তেওঁক ভূপাললৈ এয়াৰ এম্বুলেন্সেৰে নিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও ঘন কুঁৱলীৰ বাবে নিব পৰা নগ'ল। 

১৯৫৮ চনৰ ৭অক্টোবৰত ৰীৱাৰ গুঢ়ৱা গাঁৱত জন্ম গ্রহণ কৰা বেদান্তী ৭ বছৰ বয়সতে অযোধ্যালৈ আহে। তেওঁৰ গোটেই জীৱন অযোধ্যাতে পাৰ হয়। বাবৰি মছজিদ ধ্বংস গোচৰত বেদান্তী অন্যতম অভিযুক্ত আছিল। ২০২০ চনত চি বি আইৰ বিশেষ আদালতে তেওঁক খালাচ দিছিল। অৱশ্যে সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত ড° বেদান্তীয়ে বাৰে বাৰে দাবী কৰিছিল যে তেওঁ বিবাদপূর্ণ নির্মাণ ভঙুৱাইছিল।

Share This