ডিজিটেল ডেস্ক : কৰ্কট ৰোগৰ চিকিৎসা তথা প্রতিষেধক উদ্ভাৱনৰ ক্ষেত্ৰত এক অভূতপূর্ব অগ্রগতি লাভ কৰিবলৈ সক্ষম হৈছে অসম সন্তান বিশিষ্ট বিজ্ঞানী ড° ৰুবুল মাউতে। কর্কট ৰোগৰ প্ৰতিষেধক উদ্ভাৱনৰ বাবে দীর্ঘদিন ধৰি গবেষণা কৰি থকা মাউতে কালি এই কথা প্ৰকাশ কৰি ছ'চিয়েল মিডিয়াযোগে কয়, 'যোৱা কেইবামাহ বৰ ব্যস্ততাত পাৰ হ'ল সময়। এই সময়খিনিত মোৰ গৱেষণাত কৰ্কট ৰোগৰ প্রতিষেধক নিৰ্মাণৰ ক্ষেত্ৰত বহুখিনি অগ্রগতি লাভ কৰিলে। অতি উচ্চস্তৰীয় কৃত্ৰিম প্ৰ'টিন অণু নির্মাণেৰে আমাৰ দেহত থকা অতি দুর্লভএক শ্ৰেণীৰ ৰোগ প্ৰতিৰোধী ডেনড্রিটিক কোষ পুনৰ সৃষ্টি সম্ভৱ হৈ উঠিল। এই কৃত্রিম প্র'টিন অণুৱে একেলগে বহুতো কোষীয় প্রক্রিয়া নিয়ন্ত্ৰণ কৰি দুর্লভ ডেনড্ৰিটিক কোষৰ সৃষ্টি সম্ভৱ কৰি তুলিছে। সেয়েহে এনে অণুক আমি নাম দিছোঁ Multi-signaling protein complex (MSPC)।' আনহাতে ডেনড্রিটিক কোষ ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ ৰাল্ল্ফ ষ্টাইনমেনে আৱিষ্কাৰ কৰিছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয়, 'এই কোষে আমাৰ শৰীৰৰ বীজাণু বিনাশী টি-কোষক প্রশিক্ষণ দিয়ে- ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ শিক্ষা দিয়ে টি-কোষবোৰক।
দ্রোণাচাৰ্যই অর্জুনক ধনুর্বিদ্যাৰ জ্ঞান দিয়াৰ দৰে। অৰ্থাত এই দ্রোণাচার্যৰূপী ডেনড্রিটিক কোষৰ অবৰ্তমানত আমাৰ শৰীৰে ৰোগৰ বিৰুদ্ধে যুঁজিব নোৱাৰে।' তেওঁ লগতে কয়, 'ষ্টাইনমেনে আৱিষ্কাৰ কৰিছিল যে ডেনড্রিটিক কোষক সক্রিয় আৰু উত্তেজিত কৰি টি-কোষবোকক এনেকৈ প্রশিক্ষণ দিব পাৰি যে এই কোষবোৰে গৈ কৰ্কট কোষৰ বিৰুদ্ধে যুঁজ দিব পাৰে। এনেকৈয়ে আৰম্ভ হৈছিল কর্কট প্রতিষেধক তথা cancer vaccine'ৰ গৱেষণা যি আজি বিশ্বত বহুলভাৱে চৰ্চিত। ৰালঞ্জফ ষ্টাইনমেনক এই যুগান্তকাৰী গৱেষণাৰ বাবে ২০১১ চনত নোৱেল বঁটা দিয়া হৈছিল। কিন্তু এই বিষয়টো বহু চর্চাত থাকিলেও, আমাৰ শৰীৰত এবিধ আটাইতকৈ শক্তিশালী ডেনড্রিটিক কোষৰ সংখ্যা একেবাৰে নগণ্য- এক কথাত দুর্লভ, যাৰ বাবে বহু প্রতিশ্রুতি থকাৰ পাছতো উপযুক্ত আৰু শক্তিশালী কর্কট প্রতিষেধক হৈ উঠাগৈ নাই। গতিকে আমাৰ গৱেষণাই এই ক্ষেত্ৰত বিপুল সম্ভাৱনা কঢ়িয়াই আনিব পাৰে।'
উল্লেখযোগ্য যে মাউতে অহা ২৯ জুনৰ পৰা আমেৰিকাৰ চিনচিন্নাতি চিলড্রেন্স হস্পিটেল মেডিকেল চেণ্টাৰৰ এগৰাকী অধ্যাপক তথা মুখ্য বিজ্ঞানী হিচাপে যোগদান কৰিব। এই প্রতিষ্ঠানটো হৈছে কৰ্কট ৰোগৰ বিশ্ব শ্রেষ্ঠ গৱেষণা প্রতিষ্ঠান। এই প্রতিষ্ঠানত এশ মিলিয়ন ডলাৰ ব্যয়েৰে নিৰ্মিত Cell and Gene Therapy চেণ্টাৰত প্ৰ'টিন থেৰাপীৰ এক বিশ্বমানৰ অভিলাষী প্ৰকল্পৰ আৰম্ভ হ'ব মাউতৰ নেতৃত্বত।