সামাজিক মাধ্যমত ড° সঞ্জীৱ নাৰায়ণ', জুবিনৰ ন্যায়ৰ বাবে মই সমস্ত উজাৰি দিম'

dainik janambhumi September 27, 2025

ডিজিটেল ডেস্ক : 'ন্যায় প্ৰাপ্তিৰ যুঁজত মই সকলোখিনি উজাৰি দিম। জুবিনৰ বাবে ঐশ্বৰিক ন্যায় নিশ্চিত কৰিবলৈ যি কৰিব লাগে তাকে কৰিবলৈকে মই সাজু।' এই মন্তব্য বিশিষ্ট উদ্যোগী তথা এ এম টেলিভিছনৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড° সঞ্জীৱ নাৰায়ণৰ। শুকুৰবাৰে সামাজিক মাধ্যমযোগে নাৰায়ণে কয়, 'জুবিনে আমাক এৰি থৈ যোৱা আজি এসপ্তাহ হ'ল। প্রতিটো দিনেই জুবিনক হেৰুৱাই মই কিমান কষ্টত আছোঁ সেইটো মইহে বুজি পাওঁ। মোৰ মনত তাৰ ৰসিকতাবোধ আজিও সজীৱ হৈ আছে। জুবিন আৰু মোৰ মাজত থকা মৰম আৰু আত্মীয়তা সদায় চিৰস্থায়ী হৈ থাকিব। গৰিমাই মোক সদায় তেওঁলোকৰ এজন শুভাকাংক্ষী ৰূপে গণ্য কৰিছিল, আৰু তেওঁলোকে আমাৰ পৰিয়ালটোক নিজৰ দৰেই যত্ন লৈছিল, ঠিক যেনেদৰে আমি তেওঁলোকৰ যত্ন লৈছিলোঁ।' 

আনহাতে, জুবিন গাৰ্গ পৰিয়ালৰ এজন সদস্যৰ দৰে তথা প্রিয় বন্ধু আছিল বুলি উল্লেখ কৰি তেওঁ উল্লেখ কৰে, 'আমাৰ বাবে তেওঁ পৰিয়ালৰ এজন সদস্য আছিল, মোৰ বাবে তেওঁ আছিল এজন প্রিয় বন্ধু। আচলতে তেওঁ মোৰ ভাইটি বুলি ক'লেও ভুল নহ'ব। বিগত বছৰসমূহত আমি একেলগে সংগীত, কথাছবি, বিভিন্ন সাংস্কৃতিক পদক্ষেপকে ধৰি বহু প্রকল্পত কাম কৰিছোঁ। এই সকলোবোৰৰ আঁৰত থকা গভীৰ বান্ধোনহে প্ৰকৃততে মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আছিল। সেইবাবেই তেওঁৰ অনুপস্থিতি গভীৰ আৰু একান্তই ব্যক্তিগত।' 

ড° নাৰায়ণে স্পষ্টভাৱে কয়, 'মই সকলোকে ক'ব খুজিছোঁ যে এই সময়খিনি কেৱল দুখ প্রকাশৰ বাবেই নহয়, বৰঞ্চ প্ৰকৃত সত্য উদঘাটনৰ বাবেও গুৰুত্বপূৰ্ণ। জুবিনৰ বাবে, তেওঁৰ পৰিয়ালৰ বাবে, আৰু তেওঁৰ অজস্ৰ গুণমুগ্ধৰ বাবে সত্য উদঘাটন হ'বই লাগিব। জুবিনক ন্যায় প্ৰদানৰ স্বাৰ্থত মই এছ আই টি আৰু চি আই ডিৰ তদন্তক আদৰণি জনাইছোঁ। তাৰ উপৰি, মই সকলোকে আশ্বাস দিছোঁ যে প্রতিটো প্ৰশ্নৰ উত্তৰ আৰু প্ৰতিটো সন্দেহ দূৰ নোহোৱালৈকে মই সম্পূর্ণ সহযোগিতা আগবঢ়াম। তাৰ ন্যায়প্ৰাপ্তিৰ যুঁজত মই সকলোখিনি উজাৰি দিম। জুবিনৰ বাবে ঐশ্বৰিক ন্যায় নিশ্চিত কৰিবলৈ যি কৰিব লাগে তাকে কৰিবলৈকে মই সাজু।'

Share This