ডিজিটেল ডেস্ক : অগ্ৰণী খোৱাপানীৰ ব্ৰেণ্ড বিছলেৰীৰ পানীৰ নমুনাত 'অসুৰক্ষিত' বুলি পোৱাৰ বিতৰ্কৰ মাজতে কেন্দ্ৰীয় চৰকাৰে দেশজুৰি সকলো পেকে খোৱাপানী ব্ৰেণ্ডৰ গুণগত মান পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে। খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (এফ এছ এছ এ আই) বিছলেৰীৰ এটা নমুনাত নিৰ্ধাৰিত পৰিমাণতকৈ অধিক 'ব্র'মেট' আৰু কেঞ্চাৰ ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ পোৱাৰ পাছতেই কেন্দ্রই এই বৃহৎ সিদ্ধান্ত লৈছে। এফ এছ এছ এ আয়ে এতিয়া কেৱল বিছলেৰীয়েই নহয়, সমগ্র দেশৰ বজাৰত উপলব্ধ আন সকলো পেকেজত খোৱাপানীৰ ব্ৰেণ্ডৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিব।
ইয়াৰ উপৰি, প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ নাম আৰু লেবেল নকল কৰা কোম্পানীসমূহৰ ওপৰতো চোকা নজৰ ৰাখিব। উল্লেখযোগ্য যে বিছলেৰীৰ গোৱা প্ৰকল্পত প্ৰস্তুত কৰা খোৱাপানীৰ এটা নমুনাত নিৰ্ধাৰিত সীমাতকৈ অধিক ব্ৰ'মেট পোৱা গৈছে আৰু পৰৱৰ্তী পৰীক্ষাত 'পলিচাইক্লিক এৰ'মেটিক হাইড্র 'কাৰ্বন' ধৰা পৰিছিল আৰু যিটো হৈছে কেঞ্চাৰৰ অন্যতম কাৰক। ইয়াৰ পাছতে এফ এছ এছ এ আয়ে কোম্পানীটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাত অনুমোদন জনাইছে।
আনহাতে, বিছলেৰী ইণ্টাৰনেশ্যনেলে এই অভিযোগ নাকচ কৰি জনাইছে যে এই বিষয়টো ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ এটা পুৰণি নমুনাৰ সৈতে জড়িত। কোম্পানীটোৰ মতে, পৰৱৰ্তী সময়ত স্বতন্ত্ৰ পৰীক্ষাগাৰত কৰা পৰীক্ষাত পানীৰ নমুনা সম্পূৰ্ণ সুৰক্ষিত পোৱা গৈছিল। অৱশ্যে, এই বিষয়ত হোৱা তদন্তত তেওঁলোকে সম্পূর্ণ সহযোগিতা আগবঢ়াব বুলি কোম্পানীটোৱে কয়।