ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত আজি পুৱা উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু।আজি মহাকুম্ভৰ ২৯ নম্বৰ দিন ৷১৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈ আছে এই মহাকুম্ভ মেলা।ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনাই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যপাল আনন্দীবেন পেটেলে ৷
উল্লেখ্য যে মহাকুম্ভৰ সময়ত ত্ৰিবেণী সংগমৰ পৱিত্ৰ স্থানত স্নান কৰা দ্ৰৌপদী মুৰ্মু হৈছে দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ৷ মুৰ্মুৰ পূৰ্বে ১৯৫৪ চনত অনুষ্ঠিত মহাকুম্ভত স্নান কৰিছিল দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে ৷সামাজিক মাধ্যমযোগে এই দৃশ্য শ্বেয়াৰ কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে প্ৰয়াগৰাজ মহাকুম্ভৰ ঐশ্বৰিক পৰিৱেশত মা গংগা, যমুনা আৰু ভূগৰ্ভস্থ ধাৰা সৰস্বতীৰ পৱিত্ৰ সংগমস্থলীত স্নান কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা বুলি উল্লেখ কৰে।