ডিজিটেল ডেস্ক: মেক্সিকোৰ সবাতোকৈ কুখ্যাত ড্রাগছ মাফিয়া এল মেছ'ক দেশখনৰ সেনাই হত্যা কৰিছে। কুখ্যাত 'জলিস্কো নিউ জেনেৰেশ্যনৰ (চি জে এন জি)' ড্ৰাগছ চক্ৰৰ মুৰব্বীটোৰ বিৰুদ্ধে আমেৰিকাই ১৫ মিলিয়ন ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰি থৈছিল।
আমেৰিকাৰ ট্রাম্প প্রশাসনে এই ড্রাগছ চক্রটোক বিদেশী সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল। ২২ ফেব্ৰুৱাৰীত মেক্সিকোৰ সেনাই অভিযান চলাই কুখ্যাত ড্ৰাগছ চক্ৰটোৰ মুৰব্বী নেমেছিয়ো ৰুবেন অছেগোৱেৰা ছৰ্বটছ, ওৰফে এল মেছ'ক হত্যা কৰে। এই অভিযানৰ পূৰ্বে জলিস্কো আৰু আন ৰাজ্যসমূহত কেইবাঘণ্টা ধৰি জ্বলি থকা বাহনেৰে বেৰিকেড সজোৱা হৈছিল। সৈন্য বাহিনীৰ অভিযানক প্রতিহত কৰাৰ বাবে ড্রাগছ চক্রটোৱে এই হিংসাত্মক পদ্ধতি অৱলম্বন কৰিছিল।
উল্লেখযোগ্য যে জলিস্কো নিউ জেনেৰেশ্যন ড্ৰাগছ চক্ৰ হৈছে মেক্সিকোৰ সবাতোকৈ শক্তিশালী আৰু দ্রুত বিকশিত অপৰাধী সংগঠন আৰু ইয়াৰ ২০০৯ চনত আত্মপ্রকাশ ঘটিছিল। আমেৰিকাও এই কুখ্যাত ড্রাগছ চক্রটোৰ বাবে চিন্তিত হৈছিল। এই কুখ্যাত ড্রাগছ চক্ৰটোৱে প্ৰায়ে দেশখনৰ সেনাৰ বিৰুদ্ধে হেলিকপ্টাৰ, ড্ৰ'ন আদিৰে আক্রমণ সংঘটিত কৰি আহিছে।
২০২০ চনত এই চক্ৰটোৰ সদস্যই তেতিয়াৰ আৰক্ষীৰ মুৰব্বীক গ্রেনেড আৰু অত্যাধুনিক অস্ত্র-শস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিছিল। এই ড্রাগ চক্ৰটোৱে আমেৰিকাৰ ৫০খন ৰাজ্যলৈ নিচাযুক্ত সামগ্রী প্ৰেৰণ কৰি আহিছে।