ডিজিটেল ডেস্ক: ভাৰতত অচিৰেই ঔষধৰ দাম হ্রাস পোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে চীনত সক্রিয় ঔষধৰ উপাদানৰ (এ পি আই) বৃহৎ হাৰত হ্রাস পাইছে। বিশেষজ্ঞসকলে প্রকাশ কৰা মতে চীনত এ পি আইৰ দাম হ্রাস পোৱাৰ ফলত জেনেৰিক ঔষধ প্রস্তুত কৰা কোম্পানীসমূহৰ উৎপাদন ব্যয় হ্রাস পোৱাৰ সম্ভাৱনা আছে। ফলত ঔষধৰ দামো হ্রাস পাব।
ঔষধ উদ্যোগ জগতৰ মতে এ পি আইৰ দাম কমেও ৩৫-৪০% হ্রাস পাইছে। অহা কেইদিনমানত এ পি আইৰ দাম আৰু অধিক হ্রাস পাব। উল্লেখযোগ্য যে চীনত পেৰাচিটামল এ পি আইৰ দাম কৰ'না মহামাৰিৰ সময়ত প্ৰতি কিল'গ্রামত ৯০০ টকা আছিল আৰু এতিয়া ২৫০ টকালৈ হ্রাস পাইছে। এম'ক্সিচিলিন ৩,২০০ টকাৰ পৰা ১,৮০০ টকালৈ, ক্লেভুলনেট প্রতি কিল'গ্রামত ২১,০০০ টকাৰ পৰা বর্তমান ১৪,৫০০ টকালৈ হ্রাস পাইছে। চীনত এ পি আইৰ দাম হ্রাস পোৱাৰ ফলত সাধাৰণ ৰোগীসকলে সকাহ পাব বুলি কোৱা হৈছে।
উল্লেখযোগ্য যে কভিডৰ পাছত কৌশলগত বিনিয়োগ বৃদ্ধি পোৱাৰ ফলত এ পি আই কাৰখানাসমূহৰ ব্যাপক হাৰত বিস্তাৰ কৰা হৈছে। ফলত উৎপাদনো বৃদ্ধি পাইছে। সেয়েহে অনাগত দিনত ঔষধৰ দাম অধিক হ্রাস পোৱাৰ সম্ভাৱনা আছে। ভাৰত এ পি আইৰ ক্ষেত্ৰত চীনৰ ওপৰত অত্যন্ত নিৰ্ভৰশীল। ভাৰতক প্রয়োজন হোৱা প্রায় ৭০% এ পি আই চীনৰ পৰা আহে।