ডিজিটেল ডেস্ক: অত্যাৱশ্যকীয় খাদ্য সামগ্রী, পেট্রলজাত সামগ্ৰীৰ সমান্তৰালকৈ ঔষধৰ ভয়ংকৰ মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহৰ জীৱন ক্রমান্বয়ে দুর্বিষহ কৰি তুলিছে। শুনিলে আচৰিত হ'ব যে বিগত দুই-তিনি মাহত ঔষধৰ দাম ৭ শতাংশৰ পৰা ২৩ শতাংশ পর্যন্ত বৃদ্ধি পাইছে আৰু এইদৰে অভাৱনীয়ভাৱে দাম বৃদ্ধি হোৱা অধিকাংশ ঔষধেই জীৱনদায়িনী আৰু নিত্য প্রয়োজনীয় ঔষধ।
ঔষধৰ বজাৰখনত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্রণহীনতাৰ পূৰ্ণ সুযোগ গ্রহণ কৰি একাংশ ঔষধ ব্যৱসায়ীয়ে সাধাৰণ জনতাক সম্পূর্ণৰূপে পণবন্দী কৰি এমাহৰ ভিতৰতে দুবাৰ পৰ্যন্ত ঔষধৰ দাম বৃদ্ধি ঘটোৱাৰ দৰে ঘটনা এতিয়া সংঘটিত হ'বলৈ ধৰিছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ ঔষধ বিক্রেতাৰ পৰা জানিব পৰা মতে বহু প্রচলিত লিভাৰৰ ঔষধ ইউ ডি লিভ ৩০০ৰ দুমাহৰ পূৰ্বে ১৫টা টেবলেটৰ দাম আছিল ৮৩৯ টকা। কিন্তু আজিৰ তাৰিখত ইয়াৰ দাম বৃদ্ধি পাইছে ১০১৬ টকালৈ। ঠিক সেইদৰে সকলোৱে সততে ব্যৱহাৰ কৰি থকা পেণ্ট'চিড ৪০ নামৰ গেছৰ ঔষধটোৰ ১৫টা টেবলেটৰ দাম তিনি মাহ পূর্বে আছিল ১৮১ টকা আৰু আজি তাৰ দাম হ'লগৈ ১৯৫ টকা। আনকি পেন ৪০ নামৰ সাধাৰণ গেছৰ ঔষধবিধৰ মূল্য মাত্র দুমাহৰ ভিতৰত ১৭৫ টকাৰ পৰা ১৯২ টকালৈ বৃদ্ধি পালে।
আগতে জীৱনদায়িনী ঔষধ হিচাপে ডায়েবেটিছ, ব্লাড প্ৰেছাৰ আদি ঔষধৰ দাম চৰকাৰে কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰি ৰাখিছিল যাতে কোনো পৰিস্থিতিতে ঔষধ বেপাৰীয়ে এইবোৰ ঔষধৰ দাম বৃদ্ধি কৰি দৰিদ্ৰ জনতাক মাধমাৰ শোধাব নোৱাৰে। কিন্তু এতিয়া চৰকাৰৰ নির্লিপ্ততাৰ সুবিধা গ্রহণ কৰি ডায়েবেটিছৰ অন্যতম বেছি দাহিদা থকা ট্রেজেণ্টা ৫ নামৰ ঔষধটোৰ ১০টা টেবলেটৰ দাম ২-৩ মাহৰ ভিতৰতে ৩১৭ টকাৰ পৰা বৃদ্ধি কৰি ৩৪৮ টকা কৰি দিলে। অনুৰূপ ধৰণে হৃদৰোগৰ অন্যতম গুৰুত্বপূৰ্ণ ঔষধ ষ্টেমল 'বিটাৰ মূল্য ২৪৯ টকাৰ পৰা ২৭৪ টকালৈ বৃদ্ধি পালে।
ঔষধৰ বজাৰত লগা এই জুয়ে যে সাধাৰণ জনতাকে দহিছে এনে নহয়, ঔষধ ব্যৱসায়ীসকলকো ক্ষুভিত আৰু বহুধা বিভক্ত কৰি তুলিছে। কেইদিনমান পূর্বে অনলাইন ঔষধ বিক্রেতাৰ বিৰুদ্ধে প্রতিবাদ কৰি গোটেই ভাৰততে এদিনৰ বাবে ফাৰ্মাচী বন্ধ ৰখা সদৌ ভাৰত ড্রাগিষ্টছ এণ্ড কেমিষ্টছ এছ'চিয়েশ্যনকো অসমৰ বিভিন্ন ঔষধ ব্যৱসায়ী সন্থাই কঠোৰ ভাষাৰে সমালোচনা কৰিছে। এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি সদৌ অসম কেমিষ্ট এণ্ড ড্রাগিষ্ট এছ'চিয়েশ্যন অব্ আছামৰ সাধাৰণ সম্পাদক জিতু বর্মনে কয় যে অনলাইন-অফলাইন ব্যৱসায়ক লৈ কাজিয়া লাগি থকাতকৈ ঔষধ ব্যৱসায়ী সন্থাসমূহে সাধাৰণ মানুহৰ ওপৰত পৰা এই মাধমাৰৰ বিৰুদ্ধে কিয় নামাতে? জিতু বর্মনে লগতে এই বুলিও কয় যে যদিহে 'এক দেশ এক কৰ'নীতি থাকিব পাৰে তেনেহ'লে এটা ফর্মুলা বা ছিংগল মলিকুলৰ সকলো ঔষধৰ মূল্য চৰকাৰে কিয় নিৰ্দিষ্ট কৰিব নোৱাৰে। এই প্ৰসংগতে উল্লেখযোগ্য যে এটা ফর্মূলাৰে বেলেগ বেলেগ কোম্পানীৰ একোটা ঔষধৰ দাম ৰাজ্যৰ বজাৰত বেলেগ বেলেগ। বর্মনে লগতে এইবুলিও কয় যে চৰকাৰৰ নিয়ন্ত্রিত কেটেগৰিত থকা ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো চৰকাৰৰ ব্যর্থতা, সেয়া লাগিলে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ যিয়েই নহওক।
আনহাতে যোৰহাট ড্রাগ ডীলাৰ এছ'চিয়েশ্যনৰ সভাপতি সঞ্জীৱ কুমাৰ বৰাই কয় যে যিধৰণে শেহতীয়াকৈ দুই-তিনি মাহৰ ভিতৰত এটা নিৰ্দিষ্ট ঔষধৰ মূল্য ২০ শতাংশ পর্যন্ত বৃদ্ধি পাইছে এয়া অতি ভয়ংকৰ। সঞ্জীৱ কুমাৰ বৰাই এই ভয়ংকৰ মূল্যবৃদ্ধিৰে ৰাইজক ৰামটাঙোন শোধোৱাৰ পাছতো নিজৰ সংগঠনটোৱেই ৰাইজৰ এই সমস্যাৰ হৈ কোনোদিনে মাত নমতাৰ বাবে সংগঠনটোক দোষাৰোপ কৰে।