ড্রাগছ, নার্ক'-টেৰ'ৰিজম নে তৈল ভাণ্ডাৰ, কিহৰ বাবে আমেৰিকাৰ আক্রমণ?

dainik janambhumi January 04, 2026

ডিজিটেল ডেস্ক: আমেৰিকাই প্রকাশ কৰা তথ্য মতে প্রব্রজন, ড্রাগ (নিচাযুক্ত দ্রব্য) আৰু নাক'-টেৰ'ৰিজমে (নিচাযুক্ত দ্ৰব্যৰ সন্ত্রাসবাদ) এই আক্ৰমণৰ কাৰণ। আমেৰিকাৰ দক্ষিণ সীমান্তইদি প্ৰৱেশ কৰা হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰীৰ বাবে ট্রাম্পে ভেনিজুৱেলাক দোষাৰোপ কৰি আহিছে। 

প্রতিবেদন মতে, ২০১৩ চনৰ পৰা অৰ্থনৈতিক সংকট আৰু ৰাজনৈতিক দমনৰ বাবে প্ৰায় ৮০ লাখ ভেনিজুৱেলাবাসীয়ে দেশ এৰিছে আৰু ইয়াৰ বেছিভাগেই দক্ষিণ আমেৰিকাৰ কোনো কোনো দেশত বাস কৰিছে। ট্রাম্পে অভিযোগ কৰি আহিছে যে মাডুৰোৱে তেওঁৰ 'কাৰাগাৰ আৰু উন্মাদৰ আশ্রয়স্থলী' খালী কৰিছে আৰু বন্দীসকলক আমেৰিকালৈ যাবলৈ বাধ্য কৰিছে। অৱশ্যে, আমেৰিকাৰ এই অভিযোগ ভেনিজুৱেলাই নাকচ কৰি আহিছে। দ্বিতীয়টো তথাকথিত কাৰণ হৈছে ড্রাগ্‌ছ। ট্রাম্পে অভিযোগ কৰে যে ভেনিজুৱেলা হৈছে ককেইন সৰবৰাহৰ প্ৰধান পথ আৰু আমেৰিকাৰ ফেন্টানাইল সংকটত ই অৰিহণা যোগাইছে। 

উল্লেখযোগ্য যে ফেন্টানাইল হৈছে বিষ নিৰাময় আৰু সংজ্ঞাহাৰী (এনেস্থেছিয়া) ঔষধ। ইফালে বৃহস্পতিবাৰে সম্প্ৰচাৰ হোৱা ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাডুৰোৱে অভিযোগ কৰিছিল যে 'ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ'ৰ নামত আমেৰিকাই ভেনিজুৱেলাত চৰকাৰ সলনিৰ চেষ্টা কৰিছে আৰু কেৰিবিয়ান সাগৰত আমেৰিকাৰ সেনা মোতায়েন কৰি কেইবামাহ জোৰা হেঁচাৰ যোগেদি ভেনিজুৱেলাৰ বৃহৎ তেলৰ ভাণ্ডাৰ লাভ কৰিবলৈ বিচাৰিছে।

Share This