শ্রীভূমিত ছয় কোটি টকাৰ ড্ৰাগছ জব্দ!  এয়াৰটেল কোম্পানীৰ অভিযন্তাসহ আটক ৩

Rashmi July 01, 2025

ডিজিটেল ডেস্কঃ  এয়াৰটেল কোম্পানীৰ নাম লিখা বাহনৰ পৰা প্ৰায় ছয় কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ। লগতে এয়াৰটেল কোম্পানীৰ এগৰাকী অভিযন্তাসহ আন দুজন সৰবৰাহকাৰী আটক।

শ্রীভূমি জিলাৰ নিলামবজাৰৰ লালপুল এলেকাত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত গোপন সূত্ৰৰ ভিত্তিত মিজোৰামৰ চম্পাইৰ পৰা অহা এখন বলেৰ' বাহনত (TR/01/M/2262) তালাচী চলোৱা হয়।

এই তালাচীত বাহনখনৰ ভিতৰৰ পৰা ৭৬টাকৈ চাবোনৰ বাকছভৰ্তি সন্দেহজনক হেৰ'ইন উদ্ধাৰ কৰা হয়।

ড্ৰাগছখিনি জব্দ কৰাৰ লগতে  সুহেল আলম, ইফতিকাৰ আহমেদ আৰু সাব্বিৰ আহমেদ নামৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়।  এজনৰ ঘৰ হাইলাকান্দি, এজনৰ গুৱাহাটী আৰু আনজনৰ ঘৰ শ্ৰীভূমিৰ পাথাৰকান্দিত বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ধৃত  ইফতিকাৰ আহমেদ এয়াৰটেল কোম্পানীৰ এগৰাকী অভিযন্তা হিচাপে কৰ্মৰত। বৰ্তমানে আৰক্ষীয়ে তিনিওজনৰে জেৰা অব্যাহত ৰাখিছে।

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This