ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত ব্যৱহাৰ কৰা ডিউকছ বলক লৈ নতুন বিতৰ্কৰ সৃষ্টি হৈছে। টেষ্টখনৰ দ্বিতীয় দিনা শুকুৰবাৰে এই বলক লৈ খেলপথাৰত বিতৰ্কৰ সৃষ্টি হয়। ভাৰতৰ অধিনায়ক শুভমন গীলে ডিউকছ বলক লৈ শুকুৰবাৰে আম্পায়াৰৰ সৈতে তর্কা-তর্কি লিপ্ত হোৱাও দেখা পোৱা গৈছিল। মেচখনত শুকুৰবাৰে ইংলেণ্ডৰ ইনিংছত বাৰে বাৰে বল সলনি কৰিব লগা হয়। শুকুৰবাৰে দিনটোৰ প্ৰথম ভাগত ভাৰতে আধিপত্য বিস্তাৰ কৰিছিল। ভাৰতে মধ্যাহ্ন ভোজনৰ আগতে তিনিটা উইকেট দখল কৰে। ৯১ নম্বৰ অ'ভাৰত আম্পায়াৰে হুপৰে (বল জোখা বিং) বল পৰীক্ষা কৰে। বল ৰিঙেৰে পাৰ নোহোৱাত আম্পায়াৰে নতুন বল লোৱাৰ নির্দেশ দিয়ে। ফলত গীলৰ আম্পায়াৰৰ সৈতে তর্কাতর্কি হয়। গীলৰ মতে বলটো মাত্র ১১ অভাৰহে ব্যৱহাৰ কৰা হৈছিল। গীলৰ মতে আম্পয়াৰে ইয়াৰ স্থানত দিয়া বলটো ১১ অ'ভাৰতকৈ অধিক পুৰণি।
নিয়ম অনুসৰি আম্পায়াৰে পূৰ্বতে ১১ অভাৰ খেলা বলহে ইয়াৰ স্থানত দিব লাগে। আম্পায়াৰৰ সিদ্ধান্তক লৈ গীল তথা ভাৰতীয় দলৰ খেলুৱৈসকল অসন্তুষ্ট হৈ পৰে। নতুন বলটো অধিক নৰম আছিল। ইয়াৰ আঠ অ'ভাৰৰ পাছত আম্পায়াৰে পুনৰ বল সলনিৰ নির্দেশ দিয়ে। ভাৰতে ৯১-৯৯ অ'ভাৰত এটাও উইকেট পোৱা নাছিল। উল্লেখযোগ্য যে প্রথম দিন৷ ভাৰতে ৮০ অ'ভাৰৰ পাছত বল সলনি কৰিছিল। ইংলেণ্ডৰ প্ৰাক্তন ক্রিকেটাৰ ষ্টুৱাৰ্ট ব্রডে কয় যে আম্পায়াৰে ব্যৱহাৰ কৰিবলৈ দিয়া বলটো ১৮-২০ অ'ভাৰ পুৰণি যেন লাগিছে। তেওঁ কয় যে এতিয়া ক্ৰিকেটত বল এটা প্রধান সমস্যা হৈ পৰিছে। প্রতিটো ইনিংছতে বল সলনি কৰিবলগীয়া হৈছে। তেওঁৰ মতে এটা বল কমেও ৮০ অ'ভাৰ পর্যন্ত খেলিব পৰা হ'ব লাগে, দহ অ'ভাৰ নহয়। ইফালে ভাৰতৰ মহান বেটাৰ সুনীল গাভাস্কাৰে মেচখনৰ ধাৰাভাষ্য দি থকাৰ সময়তে কয়, 'ইয়াৰ পৰাই আপুনি দেখিব যে বলটো ১০ অ'ভাৰ ভাৰ পুৰণি নহয়, দেখাত ২০ অ'ভাৰ পুৰণি।' তেওঁ কয় যে এই ঘটনাটো ভাৰতত হোৱা হ'লে ব্রিটিছ সংবাদ মাধ্যমে
এটা ডাঙৰ বিষয় কৰি পেলালেহেঁতেন।
ইফালে ডিউকছ বল তৈয়াৰ কৰা কোম্পানী ব্রিটিছ ক্রিকেট বলছ লিমিটেডৰ স্বত্বাধিকাৰী ভাৰতীয় মূলৰ ব্যৱসায়ী দিলীপ জাজৰিয়াই কয় যে ক্রিকেটৰ বল ফুটবলৰ দৰে পৰীক্ষা কৰিব নোৱাৰি। ইয়াৰ পৰীক্ষা হয় খেল পথাৰতহে। যদি বলক লৈ কোনো ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে তেতিয়া হ'লে আলোচনা কৰা উচিত। বল তৈয়াৰ কৰোঁতে যথেষ্ট সময় লাগে। তেওঁ কয়, 'আপুনি হঠাতে বলক লৈ সমস্যা হৈছে বুলি ক'ব নোৱাৰে। আমি আৰু অলপ পৰীক্ষা কৰা উচিত। বতৰো এটা ডাঙৰ কাৰণ। মোৰ মতে বিষয়টোক লৈ অপ্রয়োজনীয়ভারে বিতৰ্কৰ সৃষ্টি কৰা হৈছে।