দুলীপ ট্রফীত মধ্য মণ্ডল চেম্পিয়ন, ফাইনেলত দক্ষিণ মণ্ডলক হৰুৱালে ৬ উইকেটত

dainik janambhumi September 16, 2025

ডিজিটেল ডেস্ক : মধ্য মণ্ডলে ১১ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই দুলীপ ট্রফীৰ খিতাপ জয় কৰে। দুলীপ ট্ৰফীৰ ফাইনেলৰ কালি অন্তিম দিনা কেইবাটাও অস্বস্তিকৰ মুহূৰ্ত একাষৰীয়া কৰি মূৰকত দক্ষিণ মণ্ডলক ৬ উইকেটত হৰুৱাই চেম্পিয়নৰ সন্মান লাভ কৰে মধ্য মণ্ডলে। ফাইনেলৰ অন্তিম দিনা জয়ৰ বাবে মধ্য মণ্ডলক মাথোঁ ৬৫ ৰানৰ প্ৰয়োজন আছিল। তৎসত্ত্বেও যুঁজ দিছিল দক্ষিণ মণ্ডলে। 

৬৫ ৰানৰ লক্ষ্য অতিক্ৰমৰ বাবে ৪টা উইকেট হেৰুৱাবলগীয়া হয় মধ্য মণ্ডলে। ডেনিছ মেলৱাৰে ৫, শুভম শৰ্মাই ৮, সাৰাংশ জৈনে ৪ আৰু অধিনায়ক ৰজত পাটিদাৰে ১৩ ৰান কৰি আউট হয়। অৱশ্যে, অক্ষয় ৱাডকাৰ (৫২টা বলত অপঃ ১৯) আৰু প্ৰথম ইনিংছৰ শতৰানকাৰী যশ ৰাথোৰে (১৬টা বলত অপঃ ১৩) অধিক হানি-বিঘিনি নঘটোৱাকৈ দলক জয়ৰ লক্ষ্যলৈ তুলি নিয়ে। 

মূৰকত দ্বিতীয় ইনিংছত ২০.৩ অ'ভাৰত ৪টা উইকেট হেৰুৱাই ৬৬ ৰান কৰি জয় সাব্যস্ত কৰে মধ্য মণ্ডলে। এই জয়েৰে মধ্য মণ্ডলে সপ্তমবাৰলৈ দুলীপ ট্রফী হস্তগত কৰে।

Share This