ডিজিটেল ডেস্ক: সপ্তদশ দুলীয়াজান ৰাষ্ট্ৰীয় গ্ৰন্থ মেলাত গল্পকাৰ পল্লৱী গগৈ বৰগোহাঁইৰ গ্ৰন্থ 'দূবৰি বনৰ নিয়ৰ কণিকা' উন্মোচনেৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। দিনটোৰ অন্যতম অনুষ্ঠান ভাষাৰ সংকট আৰু সংকটাপন্ন ভাষাৰ ভৱিষ্যৎ শীর্ষক আলোচনা-চক্ৰখন সঞ্চালনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ভীমকান্ত বৰুৱাই। দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত অনুষ্ঠিত আলোচনা-চক্ৰখনত আলোচকৰ আসনত থাকে নাহৰকটীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° স্মৃতিৰেখা গগৈ গায়ন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° দর্পণজিৎ কোঁৱৰ।
গ্রন্থমেলাখনৰ মুখ্য উপদেষ্টা আদিত্য গোস্বামীয়ে উদ্বোধন কৰা আলোচনা-চক্ৰখনৰ আদৰণী ভাষণ প্ৰদান কৰে উপ-সমিতিৰ সভাপতি নলিনী মজুমদাৰে। ইয়াৰ সমান্তৰালকৈ গ্ৰন্থমেলা বাকৰিত অনুষ্ঠিত কবিতা আবৃত্তি প্রতিযোগিতা উদ্বোধন কৰে বকুলনি শাখা সাহিত্য সভাৰ সভাপতি ফণী মালাঘৰীয়াই।
সন্ধিয়া বিদ্যার্থীৰ অনুষ্ঠানত ক্রমে নিউ ভিষ্টা উচ্চ মাধ্যমিক বিদ্যালয়, জনতা উচ্চ মাধ্যমিক বিদ্যালয় আৰু গোপীনাথ বৰদলৈ স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষার্থী শিল্পীসকলে পৰিৱেশন কৰা বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানে সকলো দর্শকক মুগ্ধ কৰে। কালি দ্বিতীয় দিনা গ্ৰন্থ মেলাৰ বাকৰিত পঢ়ুৱৈৰ তথা গ্ৰন্থ ক্ৰেতাৰ উপস্থিতি আছিল সন্তোষজনক।