নামঘৰত চুৰি কৰিবলৈ আহি সলনি হ’ল চোৰৰ মন ; থৈ গ'ল শৰাই আগবঢ়াবলৈ ধন

Rashmi April 17, 2025

ডিজিটেল ডেস্কঃ ডুমডুমা নামঘৰত সংঘটিত হৈছে এক নোহোৱা-নোপজা ঘটনা । নামঘৰত চুৰ কৰিবলৈ আহি এইবাৰ মন সলনি হ'ল দুটাকৈ চোৰৰ ।  

চোৰ বৃত্তি এৰি মানসিক শান্তিৰ বাবে ডুমডুমা নামঘৰত দুখনকৈ চিঠি লিখি নগদ ধন আগবঢ়াই থৈ গ'ল চোৰে । চিঠিখনত নিজকে বৰডুবি চাহ বাগিচাৰ বুলি উল্লেখ কৰি চোৰ বৃত্তিত জড়িত হৈ মানসিক অশান্তিত ভুগি থকাত শৰাই আগবঢ়াবলৈ এখন চিঠিসহ ৩৫০০/ আৰু অন্য এখন চিঠিসহ ৪৫০০/ টকা দি থৈ যায় । 

এনে নোহোৱা-নোপজা ঘটনা প্ৰচাৰ হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ডুমডুমাত। উল্লেখ্য যে নামঘৰ সমিতিয়ে চোৰ দুটাই কৰা অনুৰোধ ৰক্ষা কৰি অহা ২৫ মে'ত বাৰ্ষিক নামত তেখেতসকলৰ হৈ শৰাই আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This