ই-খাজনা ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা...
Dainik Janambhumi
July 29, 2024
ই-খাজনা ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা
স্পষ্ট নিৰ্দেশনা নিদিলে চৰকাৰক সহযোগ নকৰে ৰাজ্যৰ ৩৯৫ মৌজাদাৰে
অনলাইনৰ লগতে অফ লাইনটো খাজনা সংগ্ৰহ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ দাবী
ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে ই-খাজনা ব্যৱস্থাৰ জৰিয়তে ভূমিৰ খাজনা আদায় কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি ১৮৩২ চনত আৰম্ভ কৰা ১৯৩ বছৰীয়া অসমৰ মৌজাদাৰী প্ৰথাৰ বিলুপ্তি ঘটাবলৈ বিচাৰিছে৷ মূলতঃ ভূমি ৰাজহ সংগ্ৰহৰ উদ্দেশ্য আগত ৰাখি মৌজাদাৰী
প্ৰথা আৰম্ভ কৰা হৈছিল যদিও অসম চৰকাৰে সম্প্ৰতি অনলাইন পদ্ধতিৰে ভূমি ৰাজহ সংগ্ৰহৰ পদ্ধতি আৰম্ভ কৰি মৌজাদাৰসকলক ভূমি ৰাজহ সংগ্ৰহৰ মূল কাৰ্যৰ পৰা আঁতৰাই পঠিয়াবলৈ অভিসন্ধি ৰচিছে৷ আ(ৰ্যজনক কথাটো হৈছে অসম চৰকাৰে ই-খাজনা পদ্ধতি প্ৰৱৰ্তন কৰিবলৈ লোৱাৰ পূৰ্বে মৌজাদাৰসকলৰ সৈতে এবাৰো কোনো ধৰণৰ আলোচনা কৰা নাই অথবা ই-খাজনা আদায় প্ৰক্ৰিয়াত মৌজাদাৰসকলৰ কি ভূমিকা থাকিব, সেই সম্পৰ্কত এই পৰ্যন্ত কোনো ধৰণৰ স্পষ্ট নিৰ্দেশনা প্ৰেৰণ কৰা নাই৷ সেয়েহে এই সন্দৰ্ভত চৰকাৰে এক স্পষ্ট নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত ৰাজ্যখনৰ মৌজাদাৰসকলে ই- খাজনা আদায় প্ৰক্ৰিয়াত কোনো ধৰণৰ সহযোগ নকৰে৷ আজি কামৰূপ জিলাৰ মিৰ্জাত আয়োজিত এখনসংবাদমেলত সদৌ অসম মৌজাদাৰ সন্মিলনে এই কথা প্ৰকাশ কৰে৷ সন্মিলনে ক্ষোভেৰে কয় যে ই-খাজনা পদ্ধতি ব্যৱস্থাৰ কাৰ্যকৰী কৰণৰ ফলত অসমৰ থলুৱা ভূমিপুত্ৰসকল জড়িত হৈ থকা মৌজাদাৰী প্ৰথাৰ অৱসান ঘটিব৷ ‘ব্ৰিটিছ আমোলৰ পৰাই ভূমি ৰাজহ সংগ্ৰহৰ কৰ্তৃত্ব বহন কৰি অহা মৌজাদাৰসকলে অত বছৰে চৰকাৰী কোনো সা-সুবিধা অবিহনে ভূমি ৰাজহ সংগ্ৰহ আৰু জৰীপ প্ৰক্ৰিয়াত জড়িত হৈ যৎসামান্য কমিছনৰ বিনিময়ত চৰকাৰৰ হৈ ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়াৰ অংশীদাৰ হৈ সেৱা আগবঢ়াই আহিছে৷ অথচ মৌজাদাৰসকলৰ কৰ্তৃত্ব কৰ্তন কৰি ই-খাজনা ব্যৱস্থা প্ৰৱৰ্তনৰ ফলত অসমৰ ৩৯৫গৰাকী মৌজাদাৰ আৰু তেওঁলোকৰ দুই-তিনিজনকৈ কৰ্মচাৰীক ভাতে মৰাৰ অভিসন্ধিত লিপ্ত হৈছে চৰকাৰ’, সন্মিলনে লগতে কয়৷ সংবাদমেলত সন্মিলনৰ বিষয়ববীয়াসকলে লগতে কয় যে ই- খাজনা সংগ্ৰহ প্ৰক্ৰিয়াত মৌজাদাৰসকলৰ ভূমিকা কি হ’ব সেই সম্পৰ্কত তেওঁলোকক এই পৰ্যন্ত কোনো কথা জানিবলৈ দিয়া নাই৷ কিন্তু অসম চৰকাৰৰ ভূমি ৰাজহ সঞ্চালকালয়ৰ সূত্ৰৰ উদ্ধৃতি দি সন্মিলনে সংবাদমেলত কয় যে ই- খাজনা সংগ্ৰহ পদ্ধতিত মৌজাদাৰৰ ভূমিকা হ’ব আৱেনকাৰীয়ে খাজনা আদায় দিবলৈ বিচৰা ভূমিখিনিৰ তথ্যৰ সত্যাসত্য নিৰূপণ কৰা৷ ই- খাজনা প্ৰক্ৰিয়া প্ৰৱৰ্তনে মৌজাদাৰসকলক ভূমি ৰাজহ সংগ্ৰহৰ দায়িত্বৰ পৰা আঁতৰাই অনাই নহয়, অসম ভূমি আৰু ৰাজহ আইন, ১৮৮৬খনকো আৱমাননা কৰা বুলি সংবাদমেলখনত সন্মিলনে কয়৷ ইতিমধ্যেই ৰাজ্য চৰকাৰে মৌজাদাৰসকলৰ পৰা তেওঁলোকৰ হাতত থকা খাজনা সংগ্ৰহৰ ৰচিদ বহী সংগ্ৰহৰ প্ৰক্ৰিয়া ওভতাই লোৱাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰাৰ বিষয়ে সংবাদমেলখনত তেওঁলোকে সদৰী কৰে৷ আনহাতে, অনলাইন প্ৰক্ৰিয়াৰে খাজনা সংগ্ৰহ প্ৰক্ৰিয়াটোৱে সাধাৰণ ৰাইজকো অসুবিধাত পেলাব বুলি সন্মিলনে মত প্ৰকাশ কৰে৷ তেওঁলোকে কয় যে অনলাইন পদ্ধতিত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া খাজনাৰ উপৰি পঞ্জীয়ান মাচুল, চি এছ চি মাচুল আদি অতিৰিক্তকৈ ভৰিব লাগিব৷ মৌজাদাৰ সন্মিলনৰ দাবী অনলাইন ব্যৱস্থাৰে ভূমি খাজনা সংগ্ৰহ প্ৰক্ৰিয়াত মৌজাদাৰসকলৰ ভূমিকা কি হ’ব তাক স্পষ্ট কৰি নিৰ্দেশনা জাৰি কৰিবলৈ আৰু অনলাইন প্ৰক্ৰিয়াৰ সমান্তৰালকৈ অফ লাইন প্ৰক্ৰিয়াৰেও ভূমি খাজনা সংগ্ৰহৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ সন্মিলনে আজিৰ এই সংবাদমেলৰ জৰিয়তে দাবী উত্থাপন কৰে৷ অন্যথা অনলাইন পদ্ধতিৰে ভূমি খাজনা সংগ্ৰহৰ প্ৰক্ৰিয়াত কোনোপধ্যেই চৰকাৰক সহযোগ নকৰে বুলি সন্মিলনে সকীয়াই দিয়ে৷ আজিৰ এই সংবাদমেলত সদৌ অসম মৌজাদাৰ সন্মিলনৰ সভাপতি ৰাতুল বৰুৱা, উপ-সভাপতি বিনয় বৰুৱা, উপদেষ্টাদ্বয় পদ্মধৰ দত্ত আৰু উৎপল দাস, যুটীয়া সাধাৰণ সম্পাদক জ্যোতিষ ডেকা আৰু মৃদুল কুমাৰ দত্ত, উপ-সভানেত্ৰী জয়শ্ৰী বৰুৱা আৰু ৰাফিয়া বেগমকে ধৰি সন্মিলনৰ আন কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷
Share This