প্রবল ভূমিকম্পত বিধ্বস্ত আফগানিস্তান, ৮ শতাধিকৰ মৃত্যু, প্ৰাৱল্য ৬.০: দিল্লীতো অনুভূত কঁপনি

dainik janambhumi September 02, 2025

ডিজিটেল ডেস্ক : পূব আফগানিস্তানৰ নংগৰহৰ প্রদেশত দেওবাৰে মাজ নিশা হোৱা প্রবল ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে। দেশখনৰ তালিবান চৰকাৰে প্ৰকাশ কৰা অনুসৰি স্থানীয় সময় মতে দেওবাৰে নিশা ১১-৪৭ বজাত হোৱা ভূমিকম্পত ৮০০তকৈ অধিক লোক নিহত হোৱাৰ লগতে ২৫০০ তকৈ অধিক লোক আহত হৈছে। জার্মান ৰিছাৰ্চ চেণ্টাৰ ফৰ জিয় 'ছায়েন্সেজৰ মতে, ভূমিকম্পৰ অভিকেন্দ্র আছিল জালালাবাদৰ পৰা ২৭ কিল'মিটাৰ পূবত, ভূপৃষ্ঠৰ পৰা ১০ কিল'মিটাৰ গভীৰত। উল্লেখযোগ্য যে মাজ নিশা ভূমিকম্প অহাৰ ফলত সেই সময়ত টোপনিত থকা অধিকাংশ লোক নিৰাপদ স্থানলৈ ওলাই আহিব নোৱাৰিলে। ফলত হতাহতৰ সংখ্যা অধিক হয়। ভূমিকম্পত কেইবাখনো গাঁও সম্পূর্ণরূপে বিধ্বস্ত হয়। 

তালিবান চৰকাৰৰ এজন মুখপাত্ৰই জনোৱা মতে, ভূমিকম্পত নিহত হোৱা লোকৰ সংখ্যা আঠ শতাধিক হৈছে। আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে দূৰৱৰ্তী কুনাৰ প্ৰদেশত। প্রদেশখনৰ কেইবাখনো গাঁও বিধ্বস্ত হোৱা বুলি উল্লেখ কৰি মুখপাত্ৰজনে কয় যে কুনাৰত ছয় শতাধিক লোক নিহত হয়। নংগৰহৰতো ভালেমান লোক নিহত হয়। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে প্ৰকাশ কৰা মতে ভূমিকম্পৰ প্রাবল্য ৰিখটাৰ স্কেলত ৬.০ আছিল। ভূমিকম্পটোৰ পাছত প্রায় ১২টা সৰু সৰু জোকাৰণি অনুভূত হয়। নংগৰহৰ প্ৰদেশৰ স্বাস্থ্য বিভাগৰ এজন মুখপাত্ৰই প্ৰকাশ কৰা মতে, অধিকাংশ লোক হতাহত হয় জালালাবাদ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত। জালালাবাদৰ ৰাজধানী কাবুলৰ পৰা প্ৰায় ১১৯ কিল'মিটাৰ দূৰত। ক্ষতিগ্রস্ত অঞ্চলবোৰত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰখা হৈছে। আল জাজিৰাই প্ৰকাশ কৰা অনুসৰি ভূমিকম্পৰ জোকাৰণি পাকিস্তানৰ পঞ্জাব আৰু খৈবাৰ পাখতুনখৱা প্ৰদেশতো অনুভূত হয়। 

ভাৰতৰ দিল্লীকে ধৰি একাংশতো দেওবাৰে মাজনিশা ভূমিকম্প অনুভূত হয়। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আফগানিস্তানলৈ সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়ে। তেওঁ সামাজিক মাধ্যমত কয়, 'এই কঠিন সময়ত আমাৰ প্ৰাৰ্থনা তথা সমবেদনা শোকসন্তপ্ত পৰিয়ালবৰ্গৰ লগত আছে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। ভাৰতে প্ৰভাৱিত লোকসকলক সম্ভৱপৰ সকলো ধৰণৰ মানৱীয় সহায় আৰু সাহায্য আগবঢ়োৱাৰ বাবে সাজু আছে।' ইফালে ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এন্টনিয়' গুটাৰেছে ভূমিকম্পত আঠ শতাধিক লোক নিহত হোৱাত গভীৰ দুখ প্ৰকাশ কৰিছে। বিধ্বংসী ভূমিকম্পই সৃষ্টি কৰা ধ্বংসলীলাৰ সময়ত ৰাষ্ট্ৰসংঘ আফগানিস্তানৰ লগত আছে বুলি তেওঁ লগতে কয়।

Share This