ডিজিটেল ডেস্ক : ভয়ংকৰ ভূমিকম্পত বিধ্বস্ত বাংলাদেশ। ছয়জনৰ মৃত্যু আৰু শতাধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। ঢাকাৰ বহু ঠাইত অট্টালিকা, দেৱালত ফাঁট মেলিছে। বাংলাদেশত বৰ্তমান জনতা ত্ৰস্তমান হৈ আছে।
ভূমিকম্পৰ উৎপত্তিস্থল আছিল বাংলাদেশৰ নৰসিংদীৰ মাধব। এই ভূমিকম্পই জোকাৰি গ'ল অসমকো। গুৱাহাটীকে ধৰি ৰাজ্যৰ বহু অঞ্চল কঁপি উঠে। শুকুৰবাৰে পুৱা অনুভূত হ’ল ভূমিকম্পৰ প্ৰবল জোকাৰণি। গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত ভূমিকম্পটোৰ জোকাৰণি অনুভূত হয়। অসমকে ধৰি চুবুৰীয়া ৰাজ্য পশ্চিম বংগতো ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱা বুলি জানিব পৰা গৈছে। পশ্চিম বংগতো আতংকৰ সৃষ্টি হৈছে।
পুৱা ১০-০৮ বজাত অনুভূত হয় জোকাৰণি। এই পৰ্যন্ত লাভ কৰা হোৱা নাই কোনো ক্ষয়-ক্ষতিৰ বাতৰি আৰু হতাহতৰ খবৰ। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য (প্ৰাৰম্ভিক) অনুসৰি, এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৭ ৰিখটাৰ স্কেল।
ভূমিকম্পৰ প্ৰাবল্যৰ বিৱৰণ তলত দিয়া ধৰণৰ :
মাত্ৰা : ৫.৭
তাৰিখ : ২১/১১/২০২৫
সময় : ১০:০৮:২৬ বজাত
অক্ষাংশ : ২৩.৭৭ উত্তৰ
দ্ৰাঘিমাংশ : ৯০.৫১ ই
গভীৰতা : ১০ কিল'মিটাৰ
অঞ্চল : বাংলাদেশ
উৎস : প্ৰাগ নিউজ ডিজিটেল