৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প

dainik janambhumi August 04, 2025

ডিজিটেল ডেস্কঃ ৬০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ কামচটকাত ক্রাছেনিনিক 'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই যোৱা সপ্তাহত ৰাছিয়াৰ পূব দিশত সংঘটিত হ'ল ৮.৮ প্রাবল্যৰ এই প্ৰচণ্ড ভূমিকম্পটো। 

দেওবাৰে ৰাছিয়াৰ 'ৰিয়া' চৰকাৰী নিউজ এজেন্সি আৰু বিজ্ঞানীসকলে এই তথ্য প্রকাশ কৰে। কামচটকা আগ্নেয়গিৰি উদ্গিৰণ প্ৰশমন দলৰ মুৰব্বী অলগা গিৰিনাৰ উদ্ধৃতি দি 'ৰিয়া' নিউজ এজেন্সিয়ে কয় যে যোৱা বুধবাৰে সংঘটিত হোৱা ভয়ানক ভূমিকম্পটোৰ সৈতে এই আগ্নেয়গিৰিৰ উদ্‌গিৰণৰ সংযোগ আছে। এই প্রবল ভূমিকম্পই প্রশান্ত মহাসাগৰীয় অঞ্চলত  ছুনামিৰ আশংকা বৃদ্ধি কৰিছিল। কামচটকা প্ৰণালীত থকা সবাতোকৈ সক্রিয় আগ্নেয়গিৰিটোৰ লাভা উদ্‌দ্গিৰণ পূর্বতে ১৪৬৩ চনত হৈছিল আৰু পৰা তেতিয়াৰ আগ্নেয়গিৰিটোৰ কোনো উদ্‌গিৰণ হোৱা নাছিল। ৰাছিয়াৰ জৰুৰী সেৱা মন্ত্ৰ্যালয়ৰ কামচটকা শাখাই কয় যে ক্রাছেনিনিক'ভআগ্নেয়গিৰি উদ্গিৰণ হোৱাৰ পাছত ৬০০০ মিটাৰ পৰ্যন্ত উচ্চতালৈ লাভা উদ্গিৰণ হৈছিল। উল্লেখযোগ্য যে এই আগ্নেয়গিৰিটোৰ উচ্চতা ১,৮৫৬ মিটাৰ।

Share This