৪ টা নিৰ্বাচনৰ ভোটাৰ তালিকা দিব ই চিয়ে

Kakali Deka June 09, 2025

ডিজিটেল ডেস্কঃ নির্বাচন আয়োগে (ই চি) এটা গুৰুত্বপূর্ণ সিদ্ধান্ত লৈ কংগ্ৰেছক মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ ভোটাৰ তালিকা দিব বুলি প্রকাশ কৰে। কংগ্রেছে এতিয়া দুয়োখন ৰাজ্যৰ ২০০৯ চনৰ পৰা ২০২৪ চনলৈকে ভোটাৰ তালিকা লাভ কৰিব। উল্লেখযোগ্য যে কংগ্ৰেছৰ নেতা ৰনদীপ সূর্যেৱালাই নির্বাচন আয়োগক ৰাজ্য দুখনৰ ভোটাৰ তালিকা বিচাৰি আবেদন জনাইছিল যদিও আয়োগে ইয়াৰ প্ৰতি সঁহাৰি নজনোৱাত সূর্যেৱালাই দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে।

আদালতত আৱেদনখনৰ শুনানিৰ সময়ত আয়োগে কংগ্রেছক ভোটাৰ তালিকা দিয়াৰ আশ্বাস দিছিল। ইয়াৰ পাছত আয়োগে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। এই সম্পৰ্কত আয়োগে মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ মুখ্য নির্বাচনী বিষয়ালৈ নিৰ্দেশ জাৰি কৰিছে। কংগ্রেছে এতিয়া দুয়োখন ৰাজ্যৰ ২০০৯, ২০১৪, ২০১৯ আৰু ২০২৪ চনৰ ভোটাৰ তালিকা লাভ কৰিব। দলটোৱে জিলা নির্বাচনী বিষয়াৰ পৰা এই তথ্য ল'ব পাৰিব। উল্লেখযোগ্য যে সূর্যেৱালাই যোৱা বছৰ ডিচেম্বৰত ভোটাৰ তালিকা বিচাৰি আয়োগত আবেদন জনাইছিল।

আয়োগে ভোটাৰ তালিকা দিয়াত পলম কৰাত তেওঁ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। উল্লেখযোগ্য যে কংগ্ৰেছে মহাৰাষ্ট্ৰৰ ভোটাৰ তালিকাত অনিয়ম হোৱাৰ অভিযোগ কৰি আহিছে। অৱশ্যে আয়োগে এই অভিযোগ অগ্রাহ্য কৰি আহিছে।

Share This