ডিজিটেল ডেস্ক: ডলাৰৰ তুলনাত টকাৰ মূল্য অতি হ্রাস পোৱাৰ সময়তে এজন প্রখ্যাত অর্থনীতিবিদে ভবিষ্যদ্বাণী কৰিছে যে সোনকালেই ডলাৰৰ আধিপত্যৰ অন্ত পৰিব। প্রখ্যাত অর্থনীতিবিদ পিটাৰ শ্বিফে বিশ্বক সতৰ্ক কৰি দি ভৱিষ্যদ্বাণী কৰিছে যে 'ঐতিহাসিক অর্থনৈতিক পতন' আসন্ন। তেওঁ আৰু ভৱিষ্যদ্বাণী কৰিছে যে আমেৰিকান ডলাৰৰ ভৱিষ্যতো একেদৰেই হতাশাজনক।
তেওঁ শেহতীয়াকৈ কয় যে বিশ্বৰ বিনিময়ৰ প্ৰাথমিক মুদ্রা ডলাৰে ইয়াৰ আধিপত্য হেৰুৱাব আৰু ডলাৰৰ ঠাই হয়তো গ্রহণ কৰিব সোণে। সামাজিক মাধ্যম এক্সত শুকুৰবাৰে শ্বিফে কয়, 'ৰজা ডলাৰৰ ৰাজত্ব অন্ত পৰিবলৈ গৈ আছে। কেন্দ্ৰীয় বেংকৰ প্ৰাথমিক মজুত সম্পত্তিৰূপে সোণে ৰাজপাট দখল কৰিব। ইয়াৰ অৰ্থ হৈছে আন ফিয়েট কাৰেন্সী বা হুকুমী মুদ্ৰাৰ তুলনাত আমেৰিকান ডলাৰৰ মূল্যৰ পতন ঘটিব তথা বিশ্বৰ চান কঢ়া ৰে'লত আমেৰিকাৰ মুক্ত ভ্ৰমণৰ অন্ত পৰিব।
এক ঐতিহাসিক অর্থনৈতিক পতনৰ বাবে প্রস্তুত থাকক।' শ্বিফৰ মতে বিশ্বৰ অর্থনীতিত শেহতীয়াকৈ সোণৰ দাম অতি বৃদ্ধি পোৱা, কেন্দ্রীয় বেংকসমূহে আমেৰিকাৰ তহবিলৰ ধন বিক্ৰী কৰা তথা আমেৰিকান ডলাৰ দুৰ্বল হোৱা আদি ঘটনাই সংকেত দিয়ে যে ৰজা ডলাৰৰ আধিপত্য সোনকালেই অন্ত পৰিব পাৰে। ইউৰো পেচিফিক এছেট মেনেজমেণ্টৰ মুখ্য কৌশলবিদ তথা প্রবীণ অর্থনীতিবিদজনে কয়, 'বিশ্বৰ চান কঢ়া ৰে'লত আমেৰিকাৰ মুক্ত ভ্ৰমণৰ সোনকালেই অন্ত পৰিব।' উল্লেখযোগ্য যে সোণৰ দামে অভিলেখ সৃষ্টি কৰাৰ সময়তে তেওঁ এই সতর্কবাণী প্ৰেৰণ কৰে। শুকুৰবাৰে সোণ, ৰূপ আৰু প্লেটিনামৰ দাম সর্বকালৰ সৰ্বাধিক হৈছিল।