শ্যামকানুৰ বিৰুদ্ধে ই ডি, আয়কৰৰ গোচৰ ৰুজু

dainik janambhumi October 10, 2025

ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাঙোৰ খোৱাৰ পাছত বিত্তীয় অনিয়মৰ অভিযোগত অভিযুক্ত হৈ পৰা শ্যামকানু মহন্ত নতুন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। তেওঁৰ বিত্তীয় খেলিমেলিৰ অভিযোগৰ বাবে এইবাৰ ই ডিৰ লগতে আয়কৰ বিভাগে শ্যামকানু মহন্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এই গোচৰত চি আই ডিৰ কাৰ্যালয়তে ইতিমধ্যে ই ডিৰ জেৰাৰ সন্মুখীন হ'বলগীয়া হৈছে শ্যামকানু মহন্ত। 

উল্লেখযোগ্য যে বিপদে লগ নেৰা হৈছে শ্যামকানু মহন্তক। এটাৰ পাছত আন এটা বিপদে শ্যামকানু মহন্তক জৰ্জৰিত কৰি তুলিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত সাঙোৰ খাই পৰাৰ পাছত তেওঁৰ ঘৰত উদ্ধাৰ হোৱা বিত্তীয় অনিয়মৰ নথি-পত্রই তেওঁক অধিক সমস্যাৰ মাজলৈ ঠেলি দিছে। চি আই ডিয়ে ইতিমধ্যে এই সম্পর্কত এটা গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াই আছে। ইয়াৰ মাজতে এইবাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে ই ডিৰ লগতে আয়কৰ বিভাগেও পৃথকে পৃথকে গোচৰ ৰুজু কৰিছে। এই গোচৰৰ বাবে দুয়োটা সংস্থাই শ্যামকানু মহন্তক জিম্মাত বিচাৰিব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ বাসগৃহত চি আই ডিয়ে চলোৱা অভিযানত ২৮টাকৈ চৰকাৰী তথা বেচৰকাৰী বিভাগ আৰু বিষয়াৰ ছীল-মোহৰৰ লগতে বিত্তীয় জালিয়াতিৰ বহু নথি-পত্ৰ উদ্ধাৰ হৈছিল। তাৰ বাবেই সম্প্রতি চি আই ডিৰ কাৰ্যালয়তে ই ডিৰ জেৰাৰ সন্মুখীন হৈছে শ্যামকানু মহন্ত। 

প্রাপ্ত তথ্য মতে, শ্যামকানু মহন্তৰ পৰা নৰ্থ-ইষ্ট ফেষ্টিভেলৰ পুঁজিৰো হিচাপ ল'ব ই ডিয়ে। ইতিমধ্যে শ্যামকানু মহন্তৰ ১২টা বেংক একাউণ্ট ফ্রীজ কৰা হৈছে। ১২টাৰ ৭টা একাউণ্টেই এইচ ডি এফ চি বেংকত আছে। ই ডি আৰু আয়কৰ বিভাগে ইতিমধ্যে শ্যামকানু মহন্তৰ বিত্তীয় লেনদেনৰ তথ্য চি আই ডিৰ পৰা সংগ্ৰহ কৰিছে।

Share This