ডিজিটেল ডেস্ক : পশ্চিম বংগৰ টি এম চিৰ আই টি চেলৰ মুৰব্বী প্রতীক জৈনক ঘৰ আৰু আই-পেকৰ কাৰ্যালয়ত তালাচী চলোৱা গোচৰৰ সংক্ৰান্তত ৰাজ্যখনৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আইন বলবৎকাৰী সঞ্চালকালয় (ই ডি)।
সর্বোচ্চ আদালতৰ সন্মুখত অনুচ্ছেদ ৩২ আৱেদন দাখিল কৰাৰ সময়ত তদন্তকাৰী সংস্থাটোৱে ঘটনাটোৰ সমগ্ৰ পৰিক্ৰমা দাঙি ধৰে আৰু কয় যে এটা স্বচ্ছ অনুসন্ধান চলাবলৈ ই ডিৰ অধিকাৰ আছে। কিন্তু তেওঁলোকৰ অনুসন্ধান কার্যক ৰাজ্যখনৰ চৰকাৰী কর্তৃপক্ষই হস্তক্ষেপ কৰাৰ বাবেই তদন্ত আধৰুৱা হৈ ৰ'ল। আৱেদনখনত ই ডিয়ে সমগ্র ঘটনাটোৰ তদন্ত চি বি আয়ে কৰাৰ পোষকতা কৰে। আনহাতে, পশ্চিম বংগ চৰকাৰেও উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰি কয় যে 'তালাচী' গোচৰটোৰ সংক্ৰান্তত শুনানি নোলোৱাকৈ যাতে সর্বোচ্চ আদালতখনে কোনো ৰায় নিদিয়ে।
ইফালে, বৃহস্পতিবাৰে ই ডিৰ তালাচীৰ সময়ত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ পাছতে আই পেকে এটা বিবৃতিযোগে কয় যে কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৰ তদন্ত প্রক্রিয়াত তেওঁলোকে পূর্ণ সহযোগ আগবঢ়াব। পেছাদাৰী প্রতিষ্ঠান আই পেকৰ বাবে বৃহস্পতিবাৰৰ দিনটো এটা জটিল আৰু দুর্ভাগ্যজনক দিন আছিল বুলি বিবৃতিটোত কোৱা হৈছে।