ছোনিয়া, ৰাহুলৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ই ডি

dainik janambhumi December 21, 2025

ডিজিটেল ডেস্ক: কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধী আৰু সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে চলি থকা 'নেশ্যনেল হেৰাল্ড' গোচৰ সন্দৰ্ভত শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল আইন বলৱৎকাৰী সঞ্চালকালয় (ই ডি)। 

উল্লেখযোগ্য যে নেশ্যনেল হেৰাল্ড গোচৰত ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু আন কেইবাজনো লোকে বৃহৎ অনিয়ম সংঘটিত কৰা বুলি দাখিল কৰা অভিযোগনামাৰ (চার্জশীট) ভিত্তিত শুনানি গ্রহণ কৰিবলৈ দিল্লীৰ ৰাউজ এভিনিউ আদালতে ১৬ ডিচেম্বৰত অস্বীকাৰ কৰিছিল। 

ইয়াৰ লগে লগে ছোনিয়া আৰু ৰাহুল গান্ধীয়ে কিছু সকাহ লাভ কৰিছিল। কিন্তু নিম্ন আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে শুকুৰবাৰে ই ডি দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল। অবৈধ ধন সৰবৰাহৰ গোচৰটোত নিম্ন আদালতৰ সিদ্ধান্তত প্রশ্ন উত্থাপন কৰি ই ডিয়ে উচ্চ ন্যায়ালয়ক বিষয়টো পুনৰ চালি-জাৰি চাবলৈ আৱেদন জনাইছে।

Share This