ডিজিটেল ডেস্ক : আজি পবিত্ৰ ঈদ-উল-আজহা।বিশ্বৰ বহু দেশৰ লগতে ভাৰততো পালন কৰা হয় ঈদ-উল-আজহা। সাধাৰণতে বকৰীদ নামে জনাজাত ইছলামধর্মীয় উৎসৱ ঈদ-উল-আজহা। ইছলামধর্মাৱলম্বী লোকসকলৰ প্ৰধান দুটা উৎসৱৰ অন্যতম এই ঈদ-উল-আজহাক ঈদ-উল-আদহা, ঈদ-উল-জুহা, ঈদ-উজ-জুহা, ঈদ কোৰবান আদি নামেৰেও জনা যায়।
উল্লেখযোগ্য যে ইছলামী কেলেণ্ডাৰ চন্দ্ৰৰ আৱৰ্তন ভিত্তিক বাবে বিশ্বৰ বিভিন্ন ইছলাম ধৰ্মাৱলম্বী দেশৰ উৎসৱৰ তাৰিখ ভিন ভিন হয়। সেই অনুসৰি ছৌডি আৰব, ওমান, সংযুক্ত আৰব আমীৰশ্বাহী আৰু ইণ্ডোনেছিয়াত এদিনৰ আগতে ৬ জুনতে ঈদ-উল-আজহা পালন কৰা হয়। ইছলামী চান্দ্ৰ কেলেণ্ডাৰৰ দ্বাদশ তথা শেষ মাহ ধুল-হিজ্জাৰ দশম দিনা ঈদ-উল-আজহা বা কোৰবানিৰ (ত্যাগ) উৎসৱ পালন কৰা হয়। এইবছৰ ভাৰতকে ধৰি পাকিস্তান, বাংলাদেশ, মালয়েছিয়া, নাইজেৰিয়া, মৰক্কো আৰু নিউজিলেণ্ড আদি দেশত ৭ জুনত অৰ্থাৎ আজি ঈদ-উল-আজহা পালন কৰা হৈছে।
ঈদ-উল-আজহাই মনত পেলায় ঈশ্বৰৰ আদেশত পুত্র ইছমাইলক কোৰবানি বা বলি দিবলৈ ইচ্ছা কৰা নবী ইব্রাহিমৰ বিশ্বাসৰ কথা। উল্লেখযোগ্য যে কোৰবানিৰ কিছু মুহূৰ্তৰ আগত ঈশ্বৰে হস্তক্ষেপ
কৰি ইছমাইলৰ ঠাইত এটা মতা ভেড়া ৰাখিছিল। আজি ভাৰতত মছজিদসমূহ আৰু ঈদগাহসমূহত বিশেষ নামাজেৰে আৰম্ভ হয় ইছলাম ধৰ্মাৱলম্বীসকলৰ ঈদ-উল-আজহাৰ দিন। তাৰ পাছতে পৰস্পৰৰ মাজত 'ঈদ মোবাৰক' বা শুভেচ্ছা বিনিময় কৰা হয় ।
আনহাতে এই ঈদ-উল-আজহাৰ দিনা ইছলাম ধৰ্মাৱলম্বীসকলৰ লোকে পাৰস্পৰিক সাজ পিন্ধি কোৰবানিৰ প্ৰস্তুতি চলায়।