ডিজিটেল ডেস্কঃ ৰাজস্থানৰ টংকত ভয়ংকৰ দুৰ্ঘটনা। বানাছ নদীত ডুবি ৮জন যুৱকৰ কৰুণ মৃত্যু। ১১জনীয়া এটা দলে গা ধুবলৈ গৈছিল
ৰাজস্থানৰ টংক জিলাৰ বানাছ নদীত ।
ৰাজস্থানৰ টংকৰ আৰক্ষী অধীক্ষক বিকাশ সাংৱানৰ মতে, তিনিজন লোকক জীৱন্তে উদ্ধাৰ কৰিছে আৰু তেওঁলোকৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলিও জনাইছে । তাৰে ভিতৰত নিহত দুজন জয়পুৰৰ বাসিন্দা বুলি চিনাক্ত কৰিছে আৰক্ষীৰ লোকে। জয়পুৰৰ পৰা বনভোজ খাবলৈ আহিছিল এই ১১জনীয়া দলটো ।
আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে গা ধুবলৈ নদীত যোৱা ১১জনীয়া দলটোৰ যুৱককেইজনৰ বয়স আছিল ২৫ৰ পৰা ৩০ বছৰৰ ভিতৰত । তেওঁলোক কেনেকৈ ইমান গভীৰ পানীত পৰিল সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰক্ষীয়ে এইটোও কয় যে ‘সকলোকে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোকৰ আঠজনক মৃত বুলি ঘোষণা কৰে।
ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মায়ো এই ঘটনা সন্দৰ্ভত ইনষ্টাগ্ৰামত প'ষ্ট কৰিছে, তেওঁ প'ষ্টটোত শোক প্ৰকাশ কৰিছে।