আমেৰিকাৰে চুক্তি, ৰাহুল গান্ধীৰ মন্তব্যক লৈ লোক সভাত অচলাৱস্থা, অধ্যক্ষৰ আসনত থকা দিলীপ শইকীয়ালৈ কাগজ নিক্ষেপ, ৮ সাংসদক নিলম্বন 

dainik janambhumi February 04, 2026

ডিজিটেল ডেস্ক:একেৰাহে দ্বিতীয় দিনৰ বাবে কালি বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ ভাষণক লৈ উত্তাল হৈ পৰে লোক সভা। ইয়াৰ মাজতে একাংশ সাংসদে অধ্যক্ষৰ আসনলৈ কাগজ দলিয়ায়, ফলত আঠজন সাংসদক সংসদৰ চলিত অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰা হয়। 

সাংসদকেইজনক নিলম্বন কৰাৰ প্ৰতিবাদত ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী ভদ্রাকে ধৰি কংগ্ৰেছৰ আন সদস্যসকলে সংসদ ভৱনৰ চৌহদত প্রতিবাদ কৰে। ইয়াৰ আগতে ভাৰত আৰু আমেৰিকাৰ বাণিজ্য চুক্তিক লৈ কংগ্ৰেছ আৰু বিৰোধী পক্ষৰ সদস্যসকলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু চৰকাৰক সমালোচনা কৰি সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ফলত সদন মিলিত হোৱাৰ কিছুসময়ৰ পাছতে দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়। দুপৰীয়া ১২ বজাতো পৰিস্থিতি একেধৰণৰ হৈ থকাত সদন বিয়লি দুই বজালৈ স্থগিত ৰখা হয়। 

বিয়লি ২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত ৰাহুল গান্ধীয়ে ডোকালামত চীনা সৈন্যৰ আগ্রাসনক লৈ প্রাক্তন সেনাপ্রধান জেনেৰেল মনোজ মুকুন্দ নৰৱনেৰ অপ্রকাশিত গ্ৰন্থৰ নিবন্ধ সদনত উত্থাপন কৰিবলৈ বিচাৰে। গান্ধীয়ে কয়, 'মোক ক'বলৈ দিয়ক।' তেওঁ সেইদৰে কোৱাৰ লগে লগে চৰকাৰী পক্ষৰ সদস্যসকলে তেওঁক উদ্দেশ্যি বিৰূপ মন্তব্য দিবলৈ ধৰে। গান্ধীয়ে কালি ডোকালামত চীনৰ সৈন্যৰ আগ্রাসনক লৈ ভাষণ দিয়াৰ বাবে প্রায় ১৪ মিনিট চেষ্টা কৰে যদিও সফল নহ'ল। ৰাহুল গান্ধীক সমগ্ৰ বিৰোধী পক্ষই সহযোগ কৰে। সংসদত হুলস্থুল বৃদ্ধি পোৱাত অধ্যক্ষৰ আসনত থকা কৃষ্ণা প্রসাদ তিন্নেতীয়ে ৰাহুল গান্ধীক বাধা দি আন দলৰ সদস্যক ক'বলৈ নির্দেশ দিয়ে। কিন্তু গান্ধীৰ সমৰ্থনত সমাজবাদী পাৰ্টিৰ সাংসদ নৰেশ উত্তম পেটেল, টি এম চিৰ সাংসদ শতাব্দী ৰায় আৰু ডি এম কেৰ সাংসদ ডি এম কাতিৰ আনন্দে ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈ ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। বিৰোধী পক্ষৰ সাংসদসকলে শ্ল'গান দি অধ্যক্ষৰ আসনৰ কাষলৈ আহে। সেই সময়ত অধ্যক্ষৰ আসনত থকা তিন্নেতীৰ লগতে অসমৰ সাংসদ দিলীপ শইকীয়াৰ আসনলৈ লক্ষ্য কৰি কাগজ দলিয়াবলৈ ধৰে। ফলত সদন পুনৰ স্থগিত ৰখা হয়। ইয়াৰ পাছত অধ্যক্ষৰ আসনত থকা শইকীয়াই কাগজ দলিওৱাৰ অভিযোগত আঠজন সাংসদক সংসদৰ অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰাৰ কথা ঘোষণা কৰে। নিলম্বন কৰা সদস্যকেইজন হ'ল ক্রমে কংগ্ৰেছৰ অমৰিন্দ্ৰ সিং ৰাজা ৱাৰিং, প্রশান্ত পডোলে, মণিকম ঠাকুৰ, কিৰণ কুমাৰ ৰেড্ডী, হিবি ইডন, সুৰজিৎ ঔজালা, ডিন কোৰিয়াকোছ আৰু চি পি আই (এম)ৰ এছ ভেংকটেশন। পাছত সদন দিনটোৰ বাবে স্থগিত ৰখা হয়। 

ইফালে গান্ধীয়ে কালি বিয়লিৰ ভাগত অধ্যক্ষ ওম বিৰলালৈ লিখা এখন পত্ৰত সদনত তেওঁক ক'বলৈ দিয়াৰ অনুৰোধ জনায়। পত্ৰখনত তেওঁ কয় যে সদনত তেওঁক ভাষণ দিয়াত বাধা দি পৰম্পৰা উলংঘা কৰা হৈছে আৰু ই গভীৰ উদ্বেগৰ বিষয়। তেওঁ পত্ৰখনত লগতে উল্লেখ কৰে যে ৰাষ্ট্ৰৰ নিৰাপত্তা ৰাষ্ট্ৰপতিৰ ভাষণৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু সেয়েহে এই বিষয়ে আলোচনা কৰিবলৈ দিব লাগে।

Share This