ডিজিটেল ডেস্ক: ভোটদানৰ সময়ত ভোটাৰে যাতে সকলোধৰণৰ ন্যূনতম সুবিধা লাভ কৰে তাৰ ব্যৱস্থা কৰিবলৈদেশৰ নিৰ্বাচন আয়োগে ৰাজ্যত থকা মুখ্য নির্বাচন বিষয়াসকললৈ নির্দেশ জাৰি কৰিছে।
উল্লেখযোগ্য যে অসমৰ লগতে নির্বাচন অনুষ্ঠিত হ'বলগীয়া আন আন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ থকা মুঠ ভোট কেন্দ্ৰৰ সংখ্যা ২,১৮,৮০৭টা। অসমত মুঠ ৩১,৪৮৬টা ভোট কেন্দ্রত অহা ৯ এপ্রিলত এটা পর্যায়তে ভোট গ্রহণ হ'ব। এই ভোট কেন্দ্রসমূহত ভোটদান কৰিবলগীয়া ২,৪৯,৫৮,১৩৯গৰাকী ভোটাৰে ভোটদানৰ বাবে দীঘলীয়া শাৰী পাতি থকাৰ সময়ত যাতে কোনোধৰণৰ ন্যূনতম সুবিধাৰ পৰা বঞ্চিত নহয় তাৰ ব্যৱস্থা থাকিব লাগিব।
দেশৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি প্ৰতিটো ভোট কেন্দ্ৰত খোৱাপানীৰ ব্যৱস্থা, ভোটদানৰ বাবে অপেক্ষা কৰাৰ সময়তৰ'দৰ পৰা হাত সাৰিবলৈ ছাঁযুক্ত স্থান, পানীৰ সুবিধাযুক্ত টয়লেট, পর্যাপ্ত পোহৰ, দিব্যাংগ ভোটাৰৰ বাবে উপযুক্ত ৰেম্প, মানসম্পন্ন ভোটদান কক্ষ আৰু স্পষ্ট নির্দেশনা চিহ্নৰ ব্যৱস্থা কৰিব লাগিব। তদুপৰি শাৰীত থিয় হৈ থকা ভোটাৰসকলে জিৰণি ল'ব পৰাকৈ নিৰ্দিষ্ট দূৰত্বত বেঞ্চৰ ব্যৱস্থা কৰিবৰ বাবেও মুখ্য নির্বাচনী বিষয়াসকলক নির্দেশ দিয়া হৈছে।
ভোটাৰসকলৰ সহায়ক হোৱাকৈ সকলো ভোট কেন্দ্ৰতে চাৰিখনকৈ একেধৰণৰ মানসম্পন্ন প'ষ্টাৰ প্ৰদৰ্শন কৰা হ'ব। এই প'ষ্টাৰসমূহত ভোট কেন্দ্ৰৰ বিৱৰণ, প্ৰাৰ্থীৰ তালিকা, কৰিবলগীয়া আৰু নকৰিবলগীয়া কামসমূহ, অনুমোদিত পৰিচয়-পত্ৰৰ তালিকা আৰু ভোটদান প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ থাকিব লাগিব। প্রতিটো ভোট কেন্দ্রত একোটাকৈ ভোটাৰ সহায়ক কক্ষ স্থাপন কৰা হ'ব। ইয়াত বুথ পৰ্যায়ৰ বিষয়া আৰু অন্যান্য কৰ্মচাৰীসকল থাকিব। তেওঁলোকে ভোটাৰসকলক ভোট কেন্দ্ৰৰ নম্বৰ আৰু ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰ বিচাৰি উলিওৱাত সহায় কৰিব। ভোটগ্রহণ কেন্দ্ৰৰ ফালে আগবঢ়াৰ সময়ত ভোটাৰসকলে সহজে দেখা পোৱাকৈ ভোটাৰ সহায়ক কক্ষসমূহত সঠিক ফলক আৰু চিনাক্তকৰণৰ ব্যৱস্থা থাকিব। ভোটাৰৰ সুবিধাৰ বাবে নির্বাচন আয়োগে গ্রহণ কৰা এক বিশেষ পদক্ষেপ হিচাপে ভোট কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ বাহিৰত ম'বাইল ফ'ন জমা ৰখাৰ সুবিধা দিব লাগিব।
ভোটাৰসকলে ভোট কেন্দ্ৰত প্ৰৱেশ কৰাৰ আগতে তেওঁলোকৰ ফ'নটো ছুইচ্ অফ কৰি এজন নির্দিষ্ট স্বেচ্ছাসেৱকৰ ওচৰত জমা দি ভোটদানৰ পাছত সংগ্ৰহ কৰিব পাৰিব। নিশ্চিত ন্যূনতম সুবিধাসমূহ প্ৰদান কৰাটো বাধ্যতামূলক আৰু সকলো ভোট কেন্দ্ৰতে ইয়াক কঠোৰভাৱে পালন কৰাটো নিৰীক্ষণ কৰা হ'ব বুলিও আয়োগে উল্লেখ কৰে। সকলো ক্ষেত্ৰ পৰ্যায়ৰ বিষয়াক ভোটদানৰ তাৰিখৰ আগতেই প্রয়োজনীয় কামসমূহ সম্পূর্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে ভোটাৰসকলে সুচাৰুৰূপে ভোটদান কৰাৰ মধুৰ অভিজ্ঞতা লাভ কৰিব পাৰে।