১৪ মাৰ্চলৈ আধাৰশিলা - উদ্ধোধন ভালেসংখ্যক অনুষ্ঠান ৰাজ্য চৰকাৰৰ , ৰঙালী বিহুৰ পাছতেহে নিৰ্বাচন! 

dainik janambhumi February 25, 2026

ডিজিটেল ডেস্ক: পিছুৱাব পাৰে অসম বিধানসভাৰ নিৰ্বাচন। অসম চৰকাৰে বিচাৰিলেও বিহুৰ পূৰ্বে নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ক্ষীণ। অন্ততঃ অহা ১৪ মার্চলৈকে নির্বাচনী অধিসূচনা ঘোষণা কৰাৰ সম্ভাৱনা নাই। 

নিৰ্বাচনৰ দিন পিছুৱাব বুলি জানিব পাৰিয়েই ৰাজ্য চৰকাৰে ইতিমধ্যে মাৰ্চৰ প্ৰথম পষেকটোত বহুকেইটা। গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনৰ আঁচনি হাতত লৈছে। আনকি ১৩ আৰু ১৪ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীও। যিহেতু নির্বাচন আয়োগে অধিসূচনা ঘোষণাৰ লগে লগে চৰকাৰে কোনো হিতাধিকাৰী আঁচনি গ্ৰহণ কৰিব নোৱাৰে বা কোনো প্ৰকল্পৰ আধাৰশিলা স্থাপন বা মুকলি কৰিব নোৱাৰে তেনেস্থলত মোদীৰ অসম ভ্ৰমণলৈকে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰো সম্ভাৱনা নাই। 

উল্লেখযোগ্য যে অহা ১০ মাৰ্চৰ দিনা আমবাৰী-নুনমাটিৰ মাজত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখন উদ্বোধন কৰা হ'ব। একেদৰে ১১ মাৰ্চত ডিফু আৰু যোৰহাটত নিৰ্মাণ কৰা উৰণীয়া সেতু দুখন উদ্বোধন কৰা হ'ব। সেইদিনাই যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত নিৰ্মাণ কৰা উদ্যানখনো ৰাইজৰ বাবে মুকলি কৰি দিব ৰাজ্য চৰকাৰে। ইফালে ১৩ মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰত আৰু ১৪ মাৰ্চৰ দিনা শিলচৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। সেই অনুসৰি বি টি চিৰ সদৰ কোকৰাঝাৰলৈ আহি প্রধানমন্ত্রী মোদীয়ে এখন বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ লগতে কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু সংযোগী ৰে'লপথ নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তদুপৰি প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰৰ গ্রীন ফিল্ডৰ পৰাই ৰাজ্যৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি আৰু শিলান্যাস কৰিব। ইয়াৰ পাছত নিশাটো গুৱাহাটীত কটাই ১৪ মাৰ্চত শিলচৰত গৈ মোদীয়ে এখন জনসভাৰ লগতে শিলচৰ আৰু গুৱাহাটীৰ মাজত ২২ হাজাৰ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব লগীয়া এক্সপ্ৰেছ হাইৱেৰ আধাৰশিলা স্থাপন কৰিব। আনহাতে, প্রধানমন্ত্রীয়ে শিলচৰ চহৰত নিৰ্মাণ কৰিব বিচৰা উৰণীয়া সেতুৰো আধাৰশিলা স্থাপন কৰিব। 

মন কৰিব লগীয়া যে প্ৰধানমন্ত্ৰীৰ হাতেৰে চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ বাবেও মুখ্যমন্ত্রী ড° শৰ্মাই পৰিকল্পনা কৰিছে। ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা এই পৰিকল্পনাৰ পৰাই ১৪ মার্চলৈ অসমত হিতাধিকাৰীৰ আঁচনিৰ বিভিন্ন কাৰ্যসূচী অব্যাহত থাকিব যে সেয়া নিশ্চিত হৈ পৰিছে। নিয়ম অনুসৰি নিৰ্বাচনী অধিসূচনা ঘোষণাৰ পাছত চৰকাৰে কোনো হিতাধিকাৰী আঁচনি নতুনকৈ ৰূপায়ণ কৰিব নোৱাৰে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীৰ আগমনৰ পাছতহে নির্বাচন আয়োগে বিধানসভাৰ নিৰ্বাচনৰ অধিসূচনা ঘোষণাৰ সম্ভাৱনা আছে। নিৰ্বাচনৰ অধিসূচনা ঘোষণাৰ অতি কমেও চাৰি সপ্তাহৰ পাছতহে নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হোৱাটো নিয়ম। যদি সেয়ে হয়, তেনেহ'লে বিহুৰ আগত অসমত নির্বাচন সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা ক্ষীণ। 

প্রণিধানযোগ্য যে অসমত ২০২১ চনৰ নিৰ্বাচনত ২৬ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ অধিসূচনা ঘোষণা কৰা হৈছিল। সেই অনুসৰি ২৭ মার্চ, ১ এপ্রিল আৰু ৬ এপ্রিলত তিনিটা পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হৈছিল। অৱশ্যে, ভোট গণনা কৰা হৈছিল দুই মে'ত। আনহাতে, ২০১৬ চনত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল চাৰি মাৰ্চত। ইয়াৰ পাছত ভোট গ্রহণ হৈছিল দুটা পর্যায়ত ৪ এপ্রিল আৰু ১১ এপ্রিলত। এনে পৰিস্থিতিত এইবাৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাত পলম হ'লে নির্বাচন অনুষ্ঠিত হোৱাৰ দিনো পিছুৱাই যাব।

Share This