ইলেক্ট্রিক বাহন 'মহিন্দ্রা উড়ো' মুকলি, পৰিবহণ খণ্ডক নতুন ৰূপ দিবলৈ সাজু মহিন্দ্রা এণ্ড মহিন্দ্রা

dainik janambhumi February 16, 2026

ডিজিটেল ডেস্ক : ভাৰতৰ ইলেক্ট্রিক বাণিজ্যিক বাহন নির্মাতা মহিন্দ্রা এণ্ড মহিন্দ্রা লাষ্ট মাইল মবিলিটী লিমিটেডে নতুন যুগৰ সূচনা কৰি অলপতে তেওঁলোকৰ এতিয়ালৈকে আটাইতকৈ উন্নত ইলেক্ট্রিক তিনিচকীয়া বাহন 'মহিন্দ্রা উড়ো' উন্মোচন কৰে। হায়দৰাবাদৰ হাইটেক্স প্রদর্শনী কেন্দ্রত আয়োজন কৰা এক অনুষ্ঠানত বাহনখনৰ তিনিটাকৈ মডেল মুকলি কৰা হয়। মুকলি অনুষ্ঠানত উপস্থিত থাকি মহিন্দ্রা লাষ্ট মাইল মবিলিটী লিমিটেডৰ পৰিচালন সঞ্চালক তথা মুখ্য কার্যবাহী বিষয়া সুমন মিশ্রই কয় যে মহিন্দ্রা লাষ্ট মাইল মবিলিটীত আমাৰ উদ্দেশ্য হৈছে গ্রাহকৰ জীৱন অর্থপূর্ণভাৱে উন্নত কৰাৰ বাবে অন্তিম মাইল পৰিবহণক বৈদ্যুতিক কৰি তোলা। 

এই শুভাৰম্ভণিৰ জৰিয়তে আমি সেই দিশত এক নির্ণায়ক পদক্ষেপ লৈছো। গ্রাহকৰ গভীৰ অন্তদৃষ্টিৰ ওপৰত ভিত্তি কৰি তৃণমূল পর্যায়ৰ পৰা মহিন্দ্রা উড়োক সুৰক্ষা, আৰাম, ডিজাইন আৰু প্রদর্শনেৰে একত্রিত কৰা হৈছে। উল্লেখযোগ্য যে মহিন্দ্রাৰ অটো এণ্ড ফার্ম ছেক্টৰ, এম এণ্ড এম লিমিটেডৰ মুখ্য ডিজাইন আৰু ক্রিয়েটিভ অফিচাৰ প্রতাপ বসু আৰু মহিন্দ্রা ইণ্ডিয়া ডিজাইন ষ্টুডিঅ'ৰ দলটোৱে বাহনখনৰ ডিজাইন কৰিছে। মহিন্দ্রাৰ জহিৰাবাদস্থিত অত্যধুনিক উৎপাদন কাৰখানাত নির্মাণ কৰা এই বাহনখনৰ ভিতৰত চালক আৰু যাত্রীৰ আৰামৰ কথা মনত ৰাখি এৰ্গনমিকভাৱে ডিজাইন কৰা আসন প্রদান কৰা হৈছে। 

মহিন্দ্রা উড়োত ৰিজেনেৰেটিভ ব্রেকিঙো সন্নিৱিষ্ট কৰা হৈছে যিয়ে ছেগমেণ্ট প্রথম ৰিভাৰ্ছ থ্ৰ'টলৰ সৈতে মিলি ব্রেক স্পর্শ নকৰাকৈয়ে নিৰৱচ্ছিন্ন গতি নিয়ন্ত্রণ প্রদান কৰিব। আনহাতে, এই বাহনখন ক্রয় কৰা গ্রাহকসকলক মহিন্দ্রাৰ উড়ো নেক্সট আঁচনিত পঞ্জীয়ন কৰাৰ লগতে বাহনৰ গৰাকীক ২০ লাখ টকাৰ আকস্মিক বীমা, বিত্তীয় পৰামর্শ আৰু বহুতো সুবিধা প্রদান কৰা হ'ব। 

বাহনখনৰ ৬ বছৰৰ বাবে ৱাৰেণ্টী থাকিব। লক্ষণীয়ভাৱে মহিন্দ্রা উড়ো বাহনখনৰ প্ৰাৰম্ভিক মূল্য ৩,৮৪,২৯৯ (এক্স-শ্ব'ৰূম) টকা যদিও সীমিত সময়ৰ বাবে ৩,৫৮,৯৯৯ টকাত গ্রাহকক বাহনখন ক্রয় কৰাৰ সুবিধা প্রদান কৰা হৈছে।

Share This