কোৱাৰ্টাৰ ফাইনেলত ছিটোলিনা

dainik janambhumi June 02, 2025

ডিজিটেল ডেস্ক : ইউক্রেইনৰ এলিনা ছিটোলিনাই ফ্রেন্স অ'পেনৰ কোৱাটাৰ ফাইনেলত প্রৱেশ কৰিছে। দেওবাৰে যোৱাবাৰৰ ৰানাৰ-আপ ইটালিৰ জেছমিন পাউলিনিৰ হাতত কথমপি পৰাজয়ৰ পৰা হাত হৰা ছিটোলিনাই মুৰকত শেষ হাঁহি মাৰে ৪-৬, ৭-৬ (৬), ৬-১ ব্যৱধানত। 

অন্তিম ৮-ত ছিটোলিনাৰ প্রতিপক্ষ হ'ব পাৰে দ্বাদশ বাছনিৰ ইলেনা ৰাইবাকিনা অথবা ডিফেন্ডিং চেম্পিয়ন ঈগা ছিয়াটেক। 

ইফালে, বিশ্বৰ দ্বাদশ স্থানৰ টমি পলে অষ্ট্ৰেলিয়ান এলেক্সী পপিৰিনক ৬-৩, ৬-৩, ৬-৩ ব্যৱধানত হৰুৱাই ২২ বছৰত প্রথমগৰাকী আমেৰিকান পুৰুষ খেলুৱৈ হিচাপে ফ্রেন্স অ'পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

Share This