ডিজিটেল ডেস্ক : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ সৈতে চলি থকা সংঘাতৰ ফল ভোগ কৰিছে প্রখ্যাত উদ্যোগপতি ইলন মাস্কে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ট্রাম্পে বৃহস্পতিবাৰে নতুন কৰ বিলক লৈ মাস্কক সমালোচনা কৰে। ইয়াৰ প্রত্যুত্তৰত মাস্কেও ট্রাম্পৰ নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰে। এনে বাদানুবাদৰ মাজতে মাস্কৰ কোম্পানী টেছলাৰ শ্বেয়াৰৰ মূল্য দ্রুতগতিত হ্রাস পায়। বৃহস্পতিবাৰৰ দিনটোত মাস্কে সন্মুখীন হোৱা লোকচানৰ পৰিমাণ পাকিস্তানৰ মুঠ বাজেটতকৈও অধিক। বৃহস্পতিবাৰে তেওঁ প্রায় তিনি লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হয়। বৃহস্পতিবাৰে শ্বেয়াৰ বজাৰত টেছলাৰ শ্বেয়াৰৰ মূল্য ৯.৫৩% হ্রাস পায়।
ব্লুমবার্গৰ এখন প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বৃহস্পতিবাৰে মাস্কৰ প্ৰায় ৩৩৯০ কোটি ডলাৰ (প্রায় ২.৯৩ লাখ কোটি টকা) লোকচান হয়। ইয়াৰ ফলত তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৩৫০০ কোটি ডলাৰ হয়গৈ। মাস্কৰ কোম্পানীবোৰৰ ভিতৰত সৰ্বাধিক লোকচান হয় টেছলাৰ। ইয়াৰ ফলত টেছলাৰ বজাৰ মূলধন ১ লাখ কোটি ডলাৰৰ তললৈ নামে। বৃহস্পতিবাৰে টেছলাৰ বজাৰ মূলধন ৯১৬০০ কোটি ডলাৰ হয়গৈ।
উল্লেখযোগ্য যে চলিত বিত্তীয় বর্ষত পাকিস্তানৰ মুঠ ৰাষ্ট্ৰীয় বিকাশ বাজেট হ'ল ৪,২২,৪০০ কোটি পাকিস্তানী টকা। মাস্কৰ মুঠ ঘাটিক যদি পাকিস্তানী টকাত প্রকাশ কৰা হয়, তেতিয়া ৯৫০০০০ কোটি টকা হয়গৈ। উল্লেখযোগ্য যে মাস্ক ট্রাম্পৰ ভৰসাৰ পাত্ৰ হৈ থকাৰ সময়ত বিশ্বৰ শীৰ্ষস্থানৰ উদ্যোগপতিজনে চৰকাৰী দক্ষতা বিভাগৰ মুৰব্বী হিচাপে চৰকাৰী ব্যয় কৰ্তনৰ বাবে এলানি ব্যৱস্থা গ্রহণ কৰিছিল। তেওঁৰ এই পদক্ষেপৰ ফলত প্রায় ২.৮ লাখ লোকে চৰকাৰী চাকৰি হেৰুৱায়।